দৰংৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হালধা অঞ্চলৰ বহু দিনীয়া দাবীৰ প্ৰতি সহাৰি জনাই উপ স্বাস্থ্য কেন্দ্ৰটিৰ আধাৰশিলা স্থাপন কৰা হয়। বৃহত্তৰ হালধাৰ ৰাইজৰ দাবীক সাকাৰ ৰূপ দি নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনৰ বাবে সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰে। আজি এক জনাকীৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অনুমোদিত আঁচনি অনুসৰি নিৰ্মাণ হ'বলগীয়া উপ-স্বাস্থ্য কেন্দ্ৰটিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে । উক্ত অনুষ্ঠানত দৰংৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে, জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নিৰ্মল কুমাৰ বেৰিয়া প্ৰমুখ্যে হালধাৰ কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। বিধায়ক গৰাকীয়ে উপ স্বাস্থ্য কেন্দ্ৰটি সম্পূৰ্ণ হৈ উঠিলে ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে। বিধায়কৰ‌ সময়োচিত পদক্ষেপক ৰাইজে আদৰণি জনাইছে।

©SCNU/12062023

#Local News