ঢকুৱাখনাত মহিলাৰ ভাওনা আৰু মহিলা ভাওনাই জীপাল শৰৎতৰ এটি নিশা

ঢকুৱাখনা সাপতিয়া গাঁৱৰ মহিলা দ্বাৰা ৰাম বিজয় অঙ্কীয়া নাট প্ৰদৰ্শন।

দৈনন্দিন কৰ্ম ব্যস্ততাৰ পৰা কিছুফালৰি কাটি ঢকুৱাখনা সাপতিয়া গাঁৱৰ 20 গৰাকী মহিলাই সাপতিয়া গাঁৱৰ নামঘৰত যোৱা কালি ৰাম বিজয় শীর্ষক এখনি অঙ্কীয়া নাট প্ৰদৰ্শন কৰে।স্থানীয় ৰাইজৰ বিপুল সঁহাৰি মাজত প্ৰাণ ঢালি অভিনয় কৰে মহিলা সকলে।সম্প্ৰতি ভাওনাৰ প্ৰতি মহিলা সকলৰ এনে উৎসাহে বহন কৰিছে বিশেষ তাৎপৰ্য।

কান্ধত গদা,হাতত ধনুকাড়,লৈ এই সকল মহিলাৰ ৰণসজ্জা।কোনোবাই যদি শ্ৰীৰামৰ ৰূপ,আন কোনোবাই বাওঁ লৈছে ঋষি বিশ্বামিত্ৰ অথবা পৰশুৰাম অথবা ৰাক্ষস ৰূপ লৈ  প্ৰদৰ্শন কৰিলে ভাওনাৰ ।