সমগ্ৰ বিশ্বৰ লগতে আজি ৰহা,চাপৰমুখ অঞ্চলতো বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।
বিশ্ব পৰিবেশ দিৱস ৰ উপলক্ষে আজি পূবা ৰহা পতঞ্জলি যোগ সমিতিৰ উদ্যোগত পূবা যোগ প্ৰানায়াম কৰাৰ পাছত ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ ৰ বাকৰিত গছপুলি ৰুপন কৰাৰ লগতে পতঞ্জলি যোগ সমিতিৰ প্ৰভাৰী তথা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় ৰ অধীক্ষক ড° লক্ষীধৰ দাসে কয় যে গছ থাকিলে মানুহ থাকিব।গছপুলি ৰুপন কাৰ্য্যসূতীত ৰহা পতঞ্জলি যোগ সমিতিৰ প্ৰাক্তন প্ৰভাৰি কমলচন্দ্ৰ শৰ্মা ৰ লগতে সদস্য সদস্যা উপস্থিত থাকে।
লগতে বিশ্ব পৰিবেশ দিৱস ৰ উপলক্ষে ৰহা চাপৰমুখ ৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰ লগতে চৰাকাৰি,বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয় সমুহে গছপুলি ৰুপন কৰাৰ লগতে ছাত্ৰ ছাত্ৰী ৰ মাজত কুইজ,চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলে সমদল উলিয়াই ভাৰক্ষামতা ৰক্ষাৰ বাবে গছপুলি ৰুপন ৰ আহ্বান জনাই।লগতে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় উদ্যোগত বিশ্ব পৰিবেশ দিৱস ৰ লগত সংগতি ৰাখি যোবা ৩জুন তাৰিখে চন্দনজ্যোতি ভূঞা ৰ ৰচনা আৰু পৰিচালনাত প্ৰকৃতিৰ কান্দোন নামৰ চুটিনাটক বিদ্যালয় ৰ শিক্ষক শিক্ষয়ত্ৰী,ছাত্ৰ ছাত্ৰী সকলে মঞ্চত কৰে।