ডিব্ৰুগড় জিলা মৰাণৰ সমীপৰ খোৱাং চেৰেপাখাটিৰ ১৭ টাকৈ পৰিয়ালক তিনিচুকীয়াস্থ এন এফ ৰে'ল বিভাগে দিয়া উচ্ছেদৰ জাননীক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাইজৰ মাজত । টিংখাং সমষ্টিৰ অন্তৰ্গত ৰঙালাও বজাৰ সমীপৰ ৰে'ল লাইনৰ কাষত থকা পৰিয়ালকেইটাক আগন্তুক ১৫ দিনৰ ভিতৰত আঁতৰি যাবলৈ দিয়া জাননীক লৈ পৰিয়ালকেইটাৰ মাজত এক প্ৰকাৰৰ হাহাকাৰ অৱস্থা সৃষ্টি হৈছে । ৰে'ল আলিৰ কাষত ৰে'ল বিভাগে সীমা বান্ধি দিয়া পকী প'ষ্টৰ বাহিৰত পৰিয়ালকেইটাই বছৰ বছৰ ধৰি বসবাস কৰি আহিছে । এই ১৭ টা পৰিয়ালৰ ভিতৰত দুটামান পৰিয়ালে চৰকাৰৰ পৰা মাটি পট্টা লাভ কৰি খাজানাও নিয়মিতভাৱে পৰিশোধ কৰি আহিছে । তাৰ পিছতো ৰে'ল বিভাগে দিয়া উচ্ছেদৰ জাননীক লৈ হতচকিত হৈ পৰিছে পৰিয়ালকেইটা । ইফালে উচ্ছেদৰ জাননী অহাৰ পিছতে পৰিয়ালকেইটা ক্ষোভিত হৈ পৰিছে । ৰে'ল বিভাগৰ সীমাৰ বাহিৰত ঘৰ সাজি বছৰ বছৰ ধৰি তেওঁলোক বসবাস কৰি আহিছে । ইয়াৰে দুটামান পৰিয়ালে পকীঘৰো নিৰ্মাণ কৰিছে । তেনেস্থলত হঠাৎ ৰে'ল বিভাগে সীমা বৃদ্ধি কৰি পৰিয়ালকেইটাক উচ্ছেদ কৰিব বিচৰা কাৰ্যক তেওঁলোকে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে । ইফালে উচ্ছেদ জাৰি কৰা পৰিয়ালকেইটাৰ কাষত উপস্থিত হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা নগৰ সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ নেতৃত্বই পৰিয়ালকেইটাৰ উচ্ছেদৰ জাননীক মানি নোলোৱাৰ হুংকাৰ দিছে । দুয়োটা সংগঠনৰ নেতৃত্বই পৰিয়ালকেইটাৰ কাষত থাকি প্ৰয়োজনত আন্দোলনৰ দৰে কাৰ্যসূচী লোৱা হ'ব বুলি জানিবলৈ দিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
औरंगाबाद | सोयगाव तालुक्यात रब्बीच्या ७४% पेरण्या पूर्ण
औरंगाबाद | सोयगाव तालुक्यात रब्बीच्या ७४% पेरण्या पूर्ण
कांग्रेस वॉर रुम में इलेक्शन काउंटिग पर हुई जरुरी मीटिंग,डोटासरा ने दे दिया आज बड़ा बयान
राजस्थान प्रदेश कांग्रेस कमेटी के अध्यक्ष गोविन्द सिंह डोटासरा ने मंगलवार को प्रदेश कांग्रेस...
दिग्विजय सिंह का लड़ाकू अंदाज, पुलिसकर्मी की कॉलर पकड़ने का भाजपा ने लगाया आरोप ! MP News Bhopal
दिग्विजय सिंह का लड़ाकू अंदाज, पुलिसकर्मी की कॉलर पकड़ने का भाजपा ने लगाया आरोप ! MP News Bhopal...
Army provide assistance to 550 stranded tourists in landslide
ARMY PROVIDED ASSISTANCE TO 550 TOURISTS STRANDED DUE TO LANDSLIDE CAUSED...