ডিব্ৰুগড় জিলা মৰাণৰ সমীপৰ খোৱাং চেৰেপাখাটিৰ ১৭ টাকৈ পৰিয়ালক তিনিচুকীয়াস্থ এন এফ ৰে'ল বিভাগে দিয়া উচ্ছেদৰ জাননীক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাইজৰ মাজত । টিংখাং সমষ্টিৰ অন্তৰ্গত ৰঙালাও বজাৰ সমীপৰ ৰে'ল লাইনৰ কাষত থকা পৰিয়ালকেইটাক আগন্তুক ১৫ দিনৰ ভিতৰত আঁতৰি যাবলৈ দিয়া জাননীক লৈ পৰিয়ালকেইটাৰ মাজত এক প্ৰকাৰৰ হাহাকাৰ অৱস্থা সৃষ্টি হৈছে । ৰে'ল আলিৰ কাষত ৰে'ল বিভাগে সীমা বান্ধি দিয়া পকী প'ষ্টৰ বাহিৰত পৰিয়ালকেইটাই বছৰ বছৰ ধৰি বসবাস কৰি আহিছে । এই ১৭ টা পৰিয়ালৰ ভিতৰত দুটামান পৰিয়ালে চৰকাৰৰ পৰা মাটি পট্টা লাভ কৰি খাজানাও নিয়মিতভাৱে পৰিশোধ কৰি আহিছে । তাৰ পিছতো ৰে'ল বিভাগে দিয়া উচ্ছেদৰ জাননীক লৈ হতচকিত হৈ পৰিছে পৰিয়ালকেইটা । ইফালে উচ্ছেদৰ জাননী অহাৰ পিছতে পৰিয়ালকেইটা ক্ষোভিত হৈ পৰিছে । ৰে'ল বিভাগৰ সীমাৰ বাহিৰত ঘৰ সাজি বছৰ বছৰ ধৰি তেওঁলোক বসবাস কৰি আহিছে । ইয়াৰে দুটামান পৰিয়ালে পকীঘৰো নিৰ্মাণ কৰিছে । তেনেস্থলত হঠাৎ ৰে'ল বিভাগে সীমা বৃদ্ধি কৰি পৰিয়ালকেইটাক উচ্ছেদ কৰিব বিচৰা কাৰ্যক তেওঁলোকে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে । ইফালে উচ্ছেদ জাৰি কৰা পৰিয়ালকেইটাৰ কাষত উপস্থিত হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা নগৰ সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ নেতৃত্বই পৰিয়ালকেইটাৰ উচ্ছেদৰ জাননীক মানি নোলোৱাৰ হুংকাৰ দিছে । দুয়োটা সংগঠনৰ নেতৃত্বই পৰিয়ালকেইটাৰ কাষত থাকি প্ৰয়োজনত আন্দোলনৰ দৰে কাৰ্যসূচী লোৱা হ'ব বুলি জানিবলৈ দিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ওদালগুৰিৰ কালিখোলাত বন্যহস্তীৰ আক্ৰমণত নিহত পেট্ৰ প্ৰজা নামৰ এজন লোক
ওদালগুৰিৰ কালিখোলাত বন্যহস্তীৰ আক্ৰমণত নিহত পেট্ৰ প্ৰজা নামৰ এজন লোক
પાલીતાણા ધારાસભ્ય દ્વારા કોલેજની મુલાકાત કરવામાં આવી
પાલીતાણા ધારાસભ્ય દ્વારા કોલેજની મુલાકાત કરવામાં આવી
ರಾಜ್ಯ ಸರ್ಕಾರ ಈ ಕೂಡಲೇ ಪರಿಶಿಷ್ಟ ಜಾತಿ ಸಮುದಾಯದವರಿಗೆ ಒಳ ಮೀಸಲಾತಿ ನೀಡಬೇಕೆಂದು ಹಿರಿಯ ವಕೀಲರಾದ ಎಸ್. ಅರುಣ್ ಕುಮಾರ್ ಅವರು ಒತ್ತಾಯಿಸಿದರು.
ಅಕ್ಟೋಬರ್ 19, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು 'ಕರ್ನಾಟಕ ಸಾಮಾಜಿಕ ನ್ಯಾಯಪರ ವಕೀಲರ ವೇದಿಕೆ' ಸದಸ್ಯರು...
हाई क्लास Crossover होगी MG Cloud EV, पैनोरमिक सनरूफ और एलॉय व्हील जैसे डिटेल्स आई सामने
MG Cloud EV Teased MG जल्द ही भारतीय मार्केट में अपनी नई इलेक्ट्रिक SUV MG Cloud EV को लॉन्च कर...