চৰাইদেউ জিলাত গ্ৰীষ্ম প্ৰবাহৰ বাবে সলনি কৰা হল বিদ্যালয়ৰ সময় সূচী

বিগত সপ্তাহত চৰাইদেউ জিলাই উচ্চ উষ্ণতাৰ সন্মুখীন হোৱালৈ চাই চৰাইদেউ জিলাৰ জিলা দণ্ডাধীশ নিবেদন দাস পাটোৱাৰীয়ে আজি এক আদেশ যোগে জিলাখনৰ শিক্ষানুষ্ঠান সমূহৰ সময়সূচী সাল সলনি কৰিছে। সেই অনুসৰি ৬ জুনৰ পৰা জিলাখনৰ প্ৰাথমিক বিদ্যালয় সমূহ পুৱা ৭:৩০ বজাৰ পৰা ১১:৩০ বজালৈ, এম ই স্কুল সমূহ

পুৱা ৭:৩০ বজাৰ পৰা ১:১৫ বজালৈ আৰু হাইস্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহ পুৱা ৭:৩০ বজাৰ পৰা ১:৩০ বজালৈ খোলা ৰাখিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। ইফালে সকলো শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বীয়ে পুৱাৰ প্ৰাতঃ সভা ছাঁয়াময় অঞ্চলত বা বিদ্যালয়সমূহৰ ঢাকি থোৱা বাৰাণ্ডাত হোৱাটো নিশ্চিত কৰিবলৈ আদেশ দিয়া হৈছে।