গোলাঘাটত বিশুদ্ধ খোৱা পানীৰ নামত এতিয়া বৰবিহ খাইছে জনসাধাৰণে। গোলাঘাটৰ অলিয়ে গলিয়ে গঢ়ি উঠিছে কাঠফুলাৰ দৰে পানীৰ পেকেজিং ফেক্টৰী। যাৰ ফলত গোলাঘাট জিলা উপায়ুক্ত কাৰ্যলয়ৰ পৰা পানীৰ পেকেজিং ফেক্টৰী সমূহলৈ জাৰি কৰিছে নিৰ্দেশনা।কি আছে নিৰ্দেশনা ত আৰু কোনে চলাই আছে গোলাঘাটত পানীৰ নামত কলা বজাৰখন চাওঁ আহক আমাৰ এক প্ৰতিবেদন।আপুনি ২০ লিটাৰ পানীৰ পেট জাৰ সেৱন কৰে নিকি তেন্তে সাৱধান হওঁক। কাৰণ গোলাঘাটত খোৱা পানীৰ নামত একাংশই চলাইছে কলা বজাৰ। বিশুদ্ধ খোৱা পানীৰ নামত সেৱন কৰিছে আপুনি বৰবিহ। নীতি বৰ্হিভুত ভাবে চৰকাৰী নীতি নিৰ্দেশনা উলংঘা কৰি গোলাঘাটৰ অলিয়ে গলিয়ে গঢ়ি উঠিছে পানীৰ পেকেজিং ফেক্টৰী। গোলাঘাট জিলা উপায়ুক্ত কাৰ্যলয়ৰ এই নটিছ খনে পোহৰলৈ আনিছে বহু চাঞ্চল্যকৰ তথ্য। ১/BIDISH AQUA, ২/AMBU AQUA, ৩/LIA WATER, ৪/LAXMI WATER ৫/SHEETAL DROPS আৰু ৬/MANISH JALLAN নামৰ পেকেজিং ফেক্টৰী সমূহলৈ জাৰি কৰিছে এই নিৰ্দেশনা।BIS (Bureau of Indian Standards )চাৰ্টিফিকেট কে ধৰি নিজাকৈ পানীৰ গুণাগুণ পৰীক্ষা কৰা লেবেৰটৰী অৱস্হিতি আৰু প্ৰয়োজনীয় নথি পত্ৰ সমূহ জমা কৰিবলৈ ১০ দিন সময় সীমা দিছিল যদিও এতিয়াও BIDISH AQUA কে ধৰি একাংশ পানী পেকেজিং ফেক্টৰী সমৃহে জিলা প্ৰশাসনৰ এই নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই মুকলিকৈ চলাই আছে ৰমৰমীয়া বেহা।চাওঁক BIDHIS পানী পেকেজিং ফেক্টৰী দৃশ্য চাওঁক। অস্বাস্থ্যকৰ পৰিবেশৰ মাজত Summer Sable ৰে পানী ফিল্টাৰ কৰি পানীৰ টেংকী বহুৱাই পানীৰ পেকেজিং চলাই আছে।ইফালে চৰকাৰী নিৰ্দেশনাৰ পাছত ভূল স্বীকাৰ কৰি একাংশ পানী পেকেজিং ফেক্টৰী বন্ধ কৰিছে।ইফালে ভাৰপাপ্ত দায়িত্বত থা গোলাঘাট জিলা যুটীয়া স্বাস্থ্য সঞ্চালকজনে এই ছয়টাৰ উপৰিও নীতি বৰ্হিভুত ভাবে গোলাঘাট জিলাত চলি থকা আন আন পানী পেকেজিং ফেক্টৰীতো অভিযান চলাব বুলি জানিবলৈ দিছে।এতিয়া প্ৰশ্ন হয় এটা বিয়াগোম খাদ্য সুৰক্ষা বিভাগ থকা পাছতো গোলাঘাটত বছৰ বছৰ ধৰি এই পানী পেকেজিং ফেক্টৰী সমূহ কাৰ ছত্ৰছায়াত চলি আছে। ইয়াৰো তদন্ত লাগে সচেতন মহলক। পানী ক্ৰয় কৰোতে গোলাঘাট বাসী সাৱধান হওঁক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા તાલુકાના જુનીભીલડી ગામે અટલ ભુજલ યોજના ના રીચાર્જ બોર નું ખાત મુહુર્ત કરવામાં આવ્યું
ડીસા તાલુકાના જુનીભીલડી ગામે અટલ ભુજલ યોજના ના રીચાર્જ બોર નું ખાત મુહુર્ત કરવામાં આવ્યું ડીસા...
Chhattisgarh: छत्तीसगढ़ के New CM बनेंगे Vishnu Deo Sai, विष्णुदेव की मां बोलीं- मैं बहुत खुश हूं
Chhattisgarh: छत्तीसगढ़ के New CM बनेंगे Vishnu Deo Sai, विष्णुदेव की मां बोलीं- मैं बहुत खुश हूं
इतरांच्या तुलनेत जय भवानी यंदा ऊसाला सरस भाव देईल - अमरसिंह पंडित
जयभवानीचा बॉयलर प्रदीपन समारंभ संपन्न
गेवराई प्रतिनिधी) जयभवानी कारखान्याच्या...
ધાર્મિક દબાણો દૂર કરવા નગરપાલિકાએ પોલીસ અને વહીવટી તંત્રની મદદ માંગી....
ધાર્મિક દબાણો દૂર કરવા નગરપાલિકાએ પોલીસ અને વહીવટી તંત્રની મદદ માંગી....