# জেংৰাই চাপৰিত তানবৗ দলে অপেঃৰ ৫১ জনীয় কেন্দ্ৰীয় সমিতি গঠন #

ৰাজ্যখনৰ দ্বিতীয়ত্বম বৃহত্তৰ জনগোষ্ঠীয়ে হৈছে মিচিংসকল৷এই মিচিং জনগোষ্ঠীৰ দলে গোত্ৰৰ অন্যতম শাখা হৈছে তানবৗ দলে অপেঃ৷দলে বংশৰ জেষ্ঠ ব্যক্তি বিলাপ দলেৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাইচন দলেই৷ জেংৰাই চাপৰি গাৱঁৰ ডুমি দলেৰ প্ৰাংগনত অনুষ্ঠিত হোৱাসভাত তানবৗ দলে অপেঃৰ জেষ্ঠ আৰু কনিষ্ঠ সকলৰ সমৰ্থন অনুসৰি তানবৗ দলে অপেঃ প্ৰথম বাৰৰ কাৰণে বিলাপ দলেক সভাপতি,নীলপদ্ম দলে,হিৰামত দলে,ঘনকান্ত দলেক উপ-সভাপতি,মনোজ কুমাৰ দলেক সম্পাদক,যাদব দলে,প্ৰদীপ দলে,বিদ্যা দলে সহঃ সম্পাদক,প্ৰদীপ দলে,চলিম দলে,ললিত দলে,সতিশ দলেক সাংগঠনিক সম্পাদক,কৃতনাথ দলে,পানিন্দ্ৰ দলে,দেৱ দলে,মণিকান্ত দলেক প্ৰচাৰ সম্পাদক,পুতুল দলে আৰু দেৱ দলেক ক্ৰীড়া সম্পাদক,কৃষ্ণকান্ত দলেক সাহিত্য আৰু আলোচনী সম্পাদক হিচাপে লৈ ৫১ জনীয়া নতুন পূৰ্ণাংগ সমিতি গঠন কৰা হয়৷ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন প্ৰান্তত বসবাস কৰি থকা আৰু দেশৰ অন্য ঠাইতো কৰ্মসূত্ৰে সিচঁৰিত হৈ থকা তানবৗ দলে অপেঃক পৰবৰ্তী সময়ত একত্ৰিত কৰাৰ ক্ষেত্ৰত আৰু অন্য বংশকৈ উন্নতিৰ দিশত নতুন সমিতিখনে যথেষ্ট দায়িত্ব সহকাৰে কাম কৰিব বুলি দলে অপেঃই আশা কৰিছে৷