বেজেৰাত অংগনৱাড়ী কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ অভিভাৱকৰ

আমিনগাঁও সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ পশ্চিম বেজেৰা অংগনবাড়ী কেন্দ্ৰত তীব্ৰ উত্তেজনা। জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বেজেৰাত প্ৰায় চাৰি বছৰ ধৰি শিক্ষয়িত্ৰীয়ে নিজ বাসগৃহত অঙ্গনবাড়ী কেন্দ্ৰ চলাই আছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ শিক্ষয়িত্ৰী  

ৰীতা বৰুৱাই নিজ গৃহত চলাই থকা অংগনৱাড়ী কেন্দ্ৰটোৰ ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি আজি সন্ধিয়া শিক্ষয়িত্ৰী গৰাকীক উভতি ধৰিলে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে। বিভাগীয় ভাবে প্ৰদান কৰা খাদ্যৰ পৰা ছাত্ৰ-ছাত্ৰী সকলক বঞ্চিত কৰাৰ লগতে কেইবাবছৰ ধৰি কেন্দ্ৰটোৰ হিচাপ ৰাজহুৱা নকৰি শিক্ষয়িত্ৰী গৰাকীয়ে ব্যাপক বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰো অভিযোগ উত্থাপন কৰে অভিভাৱক সকলে।