গোলাঘটত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমিয়া বেহা। নিশা এখন বাহনত চোৰাংকৈ ১৫ টা গৰু সৰবৰাহ কৰোতে গোলাঘাট আৰক্ষীৰ জালত পৰিল গৰু সহ চোৰাং সৰবৰাহকাৰী।

জানিব পৰামতে AS-05AC-1576 নম্বৰৰ বাহনখনৰে মিচামৰাৰ পৰা মেৰাপানীলৈ গৰু কেইটা সৰবৰাহ কৰোতে গোলাঘাট নগৰৰ পাচ আলীত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আটক কৰে মুহিবুল হক নামৰ চোৰাং সৰবৰাহকাৰী সহ গৰু ১৫ টা। বৰ্তমান গোলাঘাট আৰক্ষী থানাৰ চৌহদতে গৰু কেইটা ৰখাৰ ব্যৱস্থা কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে গোলাঘাট আৰক্ষীয়ে। গো সুৰক্ষা আইন প্ৰৱৰ্ত্তন হল যদিও কিয় আৰু কাৰ পৃষ্ঠপোষকতাত গৰুৰ চোৰাং সৰবৰাহ অব্যাহত আছে গোলাঘাটত তাক লৈ বহু প্ৰশ্নৰ উদয় হৈছে।