গোৰেশ্বৰ পৌৰসভা ব’ৰ্ডৰ অধীনত চাৰিটা আচঁ‌নিৰ শুভাৰাম্ভ 

বাক্সা জিলাৰ গোৰেশ্বৰ পৌৰসভা ব’ৰ্ডৰ অধীনত চাৰিটা আচঁ‌নিৰ শুভাৰাম্ভ কৰা হয়। বিটিআৰৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নগৰ উন্নয়ন বিভাগ বি. টি. আৰ. ৰ পৰা আবন্টিত গোৰেশ্বৰ পৌৰসভা ব’ৰ্ডৰ অধীনত চাৰিটা আচঁ‌নিৰ শুভাৰাম্ভ কৰে বিটিআৰৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োই।এমচিএলএ গৰাকীয়ে SOPD পুঁজিৰ দ্বাৰা এটা পকী পথৰ আঁচনি, অতিৰিক্ত পুঁজিৰ দ্বাৰা এটা পথ আৰু এটি নলা,আৰু ফিপটিন ফাইনেঞ্চৰ পুঁজিৰ দ্বাৰা এটা নলাৰ আঁচনিৰ উদ্বোধন কৰে