দৰঙত বানপীড়িত অঞ্চলত বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন 

"ব্ৰাইট চাইড ফাউডেচন" আৰু "গা'ল আপ" ৰ উদ্যোগত ক্ৰিটিকেল কেয়াৰ হস্পাতালৰ সহযোগত দৰঙৰ ভিন্ন প্ৰান্তত আয়োজন কৰিলে স্বাস্থ্য শিবিৰ।

স্বাস্থ্য শিবিৰ আয়োজনৰ লগতে সাহাৰ্য্য বিতৰণ কৰে বানপীড়িত সকলক

মানুহে মানুহৰ বাবে শ্লোগানেৰে সংস্থাকেইটাই দৰঙৰ লগতে পৰৱৰ্তী সময়ত সমগ্ৰ অসমতে এই ধৰণৰ স্বাস্থ্য শিবিৰ আয়োজন কৰাৰ লগতে বন্যাৰ্তক সাহাৰ্য সামগ্ৰী যোগান ধৰিব বুলি উল্লেখ কৰে সদস্যসকলে

সংস্থাকেইটাৰ এই মহান পদক্ষেপক আদৰণি জনাইছে স্থানীয় ৰাইজে