গোলাঘাটত চাঞ্চল্যকৰ ডকাইটি কাণ্ড । আৰক্ষীৰ পোছাক পিন্ধি সংঘটিত কৰিলে ডকাইটি । ডকাইটৰ প্ৰহাৰত গুৰুতৰ ভাৱে আহত এজন ।তিনি মাহত তিনিটা ডকাইতি কান্ড ঘটনাই জোকাৰিছে এতিয়া গোলাঘাট। ব্যৰ্থ গোলাঘাট আৰক্ষী । গোলাঘাটত তিনি মাহত তিনিটাকৈ চাঞল্যকৰ ডকাইটি কাণ্ড । এইবাৰ গোলাঘাটৰ কচুগাৱত নিশা সংঘটিত চাঞল্যকৰ ডকাইটি কাণ্ড । আৰক্ষীৰ ভেশত অহা সাতজনীয়া ডকাইটৰ দলে লুটি নিলে সোনৰ আ অলংকাৰ । ঘৰৰ গৃহস্থ ৰিণা বৰা তামুলীক চকু হাত বান্ধি লুটপাত চলায় । ডকাইটৰ দলটোৰ দুজনে আৰক্ষীৰ পোছাক পিন্ধি অহাৰ লগতে সাতজনীয়া দলটোৱে দা, ৰড লৈ প্ৰবেশ কৰে ঘৰটোত । শুনক ভুক্তভোগীৰ মুখেৰে । ইয়াৰ পিছতে ৰিণা বৰা তামুলীৰ ঘৰত ভাৰাতীয়া হিচাপে থকা প্ৰকাশ শইকীয়া নামৰ লোকজনৰ ঘৰত সোমাই প্ৰকাশক চকু হাত ভৰি বান্ধি লৈ যায় কাষৰ পথাৰলৈ । পথাৰত গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাত গুৰুত্বৰ ভাৱে আহত হয় । ইতিমধ্যে আহত প্ৰকাশ শইকীয়াক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এই সন্দৰ্ভত ৰিণা বৰা তামুলীয়ে গোলাঘাট সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে । উল্লেখযোগ্য যে বিগত মাৰ্চ মাহতো আৰক্ষীৰ বেশত অহা ডকাইটৰ দলে জিলাখনৰ নুমলীগড় আৰু কমাৰবন্ধাত সংঘটিত কৰিছিল ডকাইটি কাণ্ড । গোলাঘাট আৰক্ষী এনে অসামাজিক কায্যকালাপ ৰোধ কৰাত চুড়ান্ত ব্যৰ্থ হৈছে । ইয়াতে এটা কথা উল্লেখ কৰো যে গোলাঘাট জিলাতো অতিৰিক্ত ভাবে (Crime) অপৰাধ শাখৰ যি কোনো ঘটনা বিশেষ ভাবে চোৱাৰ বাবে অতিৰিক্ত আৰক্ষী অধীক্ষক নিয়োগ কৰিছে। কিন্তু তাৰ পিছত গোলাঘাটত অপৰাধ কম হোৱাৰ পৰিবৰ্ত্তে বৃদ্ধি হে পাইছে বুলি সচেতন মহলত চৰ্চা চলিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Volkswagen की कारों पर November 2024 में मिलेगा तगड़ा Discount, Virtus, Taigun और Tiguan पर बचेंगे लाखों रुपये
जर्मनी की वाहन निर्माता Volkswagen की ओर से कई बेहतरीन कार और एसयूवी को भारतीय बाजार में ऑफर किया...
Same Sex Marriage Verdict आने के बाद गांवों और दूर-दराज़ के इलाक़ों में क्या बदल जाएगा? (BBC Hindi)
Same Sex Marriage Verdict आने के बाद गांवों और दूर-दराज़ के इलाक़ों में क्या बदल जाएगा? (BBC Hindi)
વીજ ગ્રાહક જોગ સંદેશ
આથી દાહોદ શહેરના માનવંતા વીજ ગ્રાહકોને...
રાજ.બોર્ડર માવલ ચોકી પર રિકકો પોલીસે મોટી કાર્યવાહી કરીને 143 કિલો ગેરકાયદેસર ચાંદીનો જથ્થો ઝડપ્યો
રાજ.બોર્ડર માવલ ચોકી પર રિકકો પોલીસે મોટી કાર્યવાહી કરીને 143 કિલો ગેરકાયદેસર ચાંદીનો જથ્થો ઝડપ્યો