ৰহাৰ বিশিষ্ট শিক্ষাবিদ,সমাজকৰ্মী,মহিৰূহ,স্বপ্নদ্ৰষ্টা,ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ হিৰন্যনাৰায়ন বৰা ৰ স্মৃতি ত সোমবাৰে স্মৃতি চাৰন সভা অনুষ্ঠিত হৈ আৰু স্মৰণিকা ৰহাৰ স্বপ্নদ্ৰষ্টা উন্মোচন হয়।

       শিক্ষাবিদ হিৰন্যনাৰায়ন বৰা ৰ আদ্যশ্ৰাদ্ধৰ উপলক্ষে পৰিয়ালবৰ্গৰ দ্বাৰা অনুষ্ঠিত স্মৃতি চাৰন সভাৰ সভাপতিত্ব কৰে ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন প্ৰবক্তা জতিন্দ্ৰ কুমাৰ পাৰৈ।

    ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ ৰ প্ৰধান শিক্ষয়ত্ৰী চয়নিকা ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা স্মৃতি চাৰন সভাত প্ৰয়াত বৰা প্ৰতিচ্ছবি ৰ সন্মুখত গুনমুগ্ধ সকলৰ লগতে ৰহা বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু গনমান্য ব্যক্তি সকলে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে পৰিয়ালবৰ্গৰ দ্বাৰা তথা চন্দনজ্যোতি ভূঞা আৰু চয়নিকা ডেকাৰ সম্পাদনাত প্ৰকাশিত স্মৰণিকা "ৰহাৰ স্বপ্নদ্ৰষ্টা"ৰ উন্মোচনৰ কৰি প্ৰয়াত বৰাৰ সহকৰ্মী তথা বিশিষ্ট শিক্ষাবিদ ইন্দ্ৰমোহন বৰাই।সভাত উপস্থিত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমলচন্দ্ৰ শৰ্মা,মনিৰাম নাথ ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ ৰ প্ৰাক্তন অধ্যক্ষা ড° নিৰলা দেবী,সাহিত্যিক মনোৰমা ভুঞা, সদৌ অসম তিবা ছাত্ৰ সন্থা ৰ উপদেষ্টা প্ৰহ্লাদ মছৰং, মাছ কেন্দ্ৰীয় সমিতিৰ সচিব প্ৰধালক্ষীপ্ৰসাদ ডেকা,সদৌ অসম ছাত্ৰ সন্থা ৰ সহকাৰী সাধাৰন সম্পাদক মৃদুল হাজৰিকা, হেমন্ত বিকাশ ডেকাই প্ৰয়াত বৰাৰ দ্বাৰা শিক্ষা ৰ লগতে বিভিন্ন ক্ষেত্ৰত দিয়া অবদানৰ ওপৰত বক্তব্য ৰাখি স্মৰণ কৰে।সভাত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধ্যক্ষ প্ৰভাত চন্দ্ৰ নাথ, ৰহা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা দ্বিপ্তীদেবী শৰ্মা,ৰহা শাখা সূৰ্য্যবতি শাখা সাহিত্য সভাৰ প্ৰতিস্থপক সম্পাদিকা বিনুলস্কৰ ঠাকুৰিয়া,ৰহা শাখা জৈষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক বিনোবা ৰাজবংশী, জৈষ্ঠ নাগৰিক বাবুল শইকিয়া,ভদ্ৰকান্ত নাথ,বিশিষ্ট কবি প্ৰমনাৰায়ন নাথ,শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক অবনি কুমাৰ শইকিয়া,সম্পাদক ৰন্টু মুদৈ ৰ সহ ৰহা ৰ বিভিন্ন দল সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠান ৰ প্ৰতিনিধি ৰ লগতে প্ৰভাত বৰাৰ পৰিয়াল বৰ্গৰ লগতে গনমান্য ব্যক্তি উপস্থিত থাকে।

     লগতে অহা ২১ মে ত ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ বাকৰিত প্ৰয়াত হিৰন্যনাৰায়ন বৰা ৰ স্মৃতি ত সামুহিক স্মৃতি চাৰন সভা,সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু স্মৰণিকা উন্মোচন কৰা হব বুলি উদ্যোগতা সকলে জানিব দিয়ে।