দৰঙৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত বলোগঢ়া গাওঁৰ এজন চৰকাৰী কৰ্মচাৰীৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ৰাসায়নিক সাৰ জব্দ কৰে আৰক্ষীয়ে । অবৈধ ভাৱে চলোৱা সাৰৰ গোদামটো ছীল কৰে দৰঙ জিলা আৰক্ষীয়ে। জানিব পৰা মতে ইনছাৰ আলী আৰু মনোৱাৰ হুছেইন নামৰ দুজন ব্যক্তিয়ে কনিষ্ঠ অভিযন্তা হাফিজুৰ ৰহমানৰ ঘৰৰ চৌহদত ৰোম ভাড়া লৈ দীৰ্ঘদিন ধৰি চলাই আহিছিল অবৈধ ব্যৱসায়। অনুজ্ঞাপত্ৰ বিহীনভাৱে অবৈধ ভাৱে পেকেট বনাই বিক্ৰী কৰিছিল বিভিন্ন দোকান সমুহত । নিজৰ স্বাৰ্থ আদায়ৰ লোভত চকু মুদা কুলিৰ ভাও ধৰি আছিল কনিষ্ঠ অভিযন্তা জনে । এক গোপন খবৰৰ ভিত্তিত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক জনে চলাই অভিযান।
আৰক্ষী অহাৰ ওমান পাই দুষ্ট চক্ৰৰ দলটোৱে গোদাম ঘৰসমুহত তলা লগাই পলাই যাবলৈ সক্ষম হয়। দলগাও ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত আৰক্ষীৰ দলটোৱে গোদাম ঘৰৰ তলা ভাঙি বৃহৎ পৰিমাণৰ সাৰ জব্দ কৰিবলৈ সক্ষম হয়। অবৈধ ভাৱে সাৰ ব্যৱসায়ীৰ লগত জড়িত থকাৰ অভিযোগত মনোৱাৰ হুছেইনক আটক কৰে আৰক্ষীয়ে। আনহাতে সোধ-পোচৰ বাবে কনিষ্ঠ অভিযন্তাকো আটক কৰে আৰক্ষীয়ে।এই সন্দৰ্ভত প্ৰশাসনে জানিবলৈ দিয়া মতে গোদাম ঘৰ সমূহত ৰাখি থোৱা বৃহৎ পৰিমাণৰ সাৰখিনি বিক্ৰীৰ নাই কোনো অনুজ্ঞাপত্ৰ । ইতিমধ্যে এই সন্দৰ্ভত প্ৰশাসনে গোদাম ঘৰটো ছিল কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ।