মহৰিপাৰা সাপ্তাহিক বজাৰ গৃহ নিৰ্মাণ উদ্বোধন এমচিএলএ পবিত্ৰ কুমাৰ বড়োই

বি.টি.আৰ. চৰকাৰৰ বজাৰ আৰু মেলা বিভাগৰ পুঁজিৰ আবণ্টিত ২০২২-২০২৩ বৰ্ষৰ আঁচনিৰ অধীনত আজি বিটিআৰৰ ২৯ নং শুক্লাই চেৰফাং সমষ্টিৰ অন্তৰ্গত মহৰিপাৰা সাপ্তাহিক বজাৰ গৃহ নিৰ্মাণ আচঁনি উদ্বোধন কৰা হয়।তদুপলক্ষে আজি সাপ্তাহিক বজাৰ গৃহ নিৰ্মাণ আচনিৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে বিটিআৰৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োই ৷অনুষ্ঠানত বিটিআৰৰ ২৯ নং শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ তথা বি টি আৰ চৰকাৰৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী, মনোনীত এম.চি.এল.এ. চম্পাৱতী ডেকাৰ লগতে দলীয় নেতা-কৰ্মীৰ উপৰি বিষয়ববীয়া সকল উপস্থিত থাকে ৷