মৰাণৰ সাহিত্য চৰ্চাৰ অনুষ্ঠান জোনাকী মেলৰ ১৯২ সংখ্যক বৈঠক সম্পন্ন
২০০৬ ত প্ৰতিষ্ঠা লাভ কৰা মৰাণ অঞ্চলৰ সাহিত্য চৰ্চাৰ অনুষ্ঠান জোনাকী মেলৰ ১৯২ সংখ্যক বৈঠক খন যোৱা ২১ আগষ্টত সন্ধিয়া মৰাণৰ মন্দাকিনি হোটেলৰ সভাকক্ষত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । বিশিষ্ট সাহিত্যিক ডাঃ লোহিত কুমাৰ বৰাই বৰমেলুৱৈ কৰা বৈঠক খনৰ আৰম্ভণীতে উদ্দেশ্য ব্যাখ্যা ডাঙি ধৰে জোনাকী মেলৰ মুখ্য উদ্যোক্তা তথা সাংবাদিক বাছা বৰাই । এই বাৰ জোনাকী মেলত আলোচ্য বিষয় আছিল "জোনাকী মেল আৰু সাহিত্য - সংস্কৃতি চৰ্চা " । বিষয়টোৰ ওপৰত আলোচক সকলে বক্তব্য প্ৰদান কৰি কয় যে এনে বিলাক অনুষ্ঠানৰ যোগেদি সাহিত্য চৰ্চাৰ এটা পৰিৱেশ সৃষ্টি হোৱা লগতে ছাত্ৰ ছাত্ৰী সকলৰ উপৰিও লেখক - লেখিকা সকলো যথেষ্ট উপকৃত হয় । আলোচক সকলে মৰাণৰ এই সোতৰ বছৰীয়া জোনাকী মেল অনুষ্ঠাটোৰ দীৰ্ঘায়ু কামনা কৰে । আলোচনাত ভাগলোৱা ব্যক্তি সকল আছিল কবি ডাঃ বিৰিঞ্চি কুমাৰ গগৈ , অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়া ভোগেশ্বৰ শইকীয়া , অৱসৰ প্ৰাপ্ত শিক্ষক সত্যনাথ শৰ্মা , ভাৰতীয় সেনা বাহিনী অৱসৰ প্ৰাপ্ত বিষয়া বিজয় কোঁৱৰ , সমাজকৰ্মী অজয় চুতীয়া আৰু ছাত্ৰ নেতা অভিলাষ শৰ্মা । বৈঠকত জ্যেষ্ঠ নাগৰিক মুনিন ওজাই বৰগীত পৰিৱেশন কৰা পাচতে গীত পৰিৱেশন কৰে শিশু শিল্পী ময়ূৰ বুঢ়াগোহাঁই , মেঘহৰ্ষিতা চুতীয়া , ষষ্ঠীতনয়া কলিতা আৰু উপাসনা বৰাই । কবিতা পাঠত ভাগ লয় অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী ৰাণু গগৈ , ভানু লাহন , শিক্ষক ভূপেন নাথ , শিক্ষয়িত্ৰী পদ্মিনী লাহন , নীলাক্ষী বৰুৱা , অঞ্জু দত্ত বৰুৱা আৰু বিশিষ্ট কবি মানসী গগৈয়ে । উক্ত বৈঠকতে অসম চৰকাৰৰ দ্বাৰা সদ্য ঘোষিত সাংবাদিক পেঞ্চন লাভ কৰিবলৈ সক্ষম হোৱা মৰাণৰ বাছা বৰাক জোনাকী মেলৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় । ডাঃ বিৰিঞ্চি কুমাৰ গগৈয়ে কৌতুক আৰু অঞ্জু দত্ত বৰুৱাই দিহা নাম পৰিৱেশন কৰি সৌষ্ঠৱ বৃদ্ধি কৰি তোলা বৈঠক খনত মৰাণ অঞ্চলৰ সাংবাদিক দয়ানন্দ সিং , সমাজকৰ্মী সত্যৰঞ্জন বুঢ়াগোহাঁই , , ৰঞ্জুমণি বৰা , মনোজ কলিতা , জিন্তু গগৈ , গোবিন গগৈ , নমিতা দত্ত , পূৰ্ণিমা গগৈকে মুখ্য কৰি বহু কেইজন গুণী -জ্ঞানী ব্যক্তি উপস্থিত আছিল । শেষত বাছা বৰাই শলাগৰ শৰাই আগবঢ়োৱা পাচতে জাতীয় সংগীত পৰিৱেশনেৰে কাৰ্যসূচী সামৰণী মৰা হয় ।