অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল’লে উপ-সভাপতি মৃণালিনী দেৱীয়ে৷

লখিমপুৰ জিলা সাহিত্য সভাৰ এক কাৰ্যসুচীত অংশ লোৱাৰ উদ্দেশ্যি জিলাখনলৈ অহা উপ-সভাপতিগৰাকীয়ে যাত্ৰাপথত নাৰায়ণপুৰ অভিৱেশনৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ আগন্তুক অধিৱেশনখনৰ প্ৰস্তুতি সম্পৰ্কে আদৰণি সমিতিৰ বিষয়ববীয়া সকলেৰে এক আলোচনাত মিলিত হয়৷

আদৰণি সমিতিৰ সৈতে আলোচনাৰ অন্তত সন্তুষ্টি প্ৰকাশ কৰা উপ-সভাপতি গৰাকীয়ে সমিতিখনক কেতবোৰ পৰামৰ্শ আগবঢ়াই ৷