ৰহা ৰজাগাঁও নিবাসী ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যাপিকা,লেখিকা,সাহিত্যিক ড° ৰাজশ্ৰী বৰা সাহিত্য সৌৰভ বঁটা ৰ বাবে বাচনি হৈছে।
অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰনালয় অধিনত NEZCC দ্বাৰা দিহানাম গুৰু উপাধি প্ৰাপক অমিয়া নেওগ কলিতাৰ নেতৃত্বত ৰত্নগৰ্ভা তেজশ্বিনী ফাউন্ডেশ্যনৰ উদ্যোগত, উওৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ (NEZCC)সাংস্কৃতিক মন্ত্ৰালয়ৰ,ভাৰত টৰকাৰৰ সহযোগত ২ফেব্ৰৱাৰীত শিৱসাগৰ জেৰেঙা পথাৰত ১৫,৫৫৫গৰাকী নামতিৰ দ্বাৰা দিহানাম পৰিবেশনেৰে বিশ্ব অভিলেখ আৰু শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামী লৈ সত্ৰ প্ৰদীপ উপাধি প্ৰদান কৰা আৰু অসমীয়া সমাজ জীৱনত সামাজিক দায়বদ্ধতাৰে কাম কৰি জাতিটোৰ উওৰনত সহায় কৰা কেইবাজনো পুৰোধা ব্যক্তিক বঁটা প্ৰদান কৰা অনুষ্ঠানত পুষ্পাদেৱী জালান সাহিত্য বঁটা প্ৰাপক ড° ৰাজশ্ৰী বৰালৈ সাহিত্য সৌৰভ বঁটা প্ৰদান কৰা হব।
ইয়াৰ পূৰ্বেও সাহিত্যিক, লেখিকা ড° ৰাজশ্ৰী বৰাই আনন্দৰাম বৰুৱা সৰস্বতী সম্মান বঁটা, গুৱাহাটি বিশ্ববিদ্যালয় ৰ পৰা পি এচ ডি ডিগ্ৰী, সুষমা স্বৰাজ বঁটা, সমাজ ৰত্ন বঁটা সহ কেইবাটাও বঁটা লৈ ৰহালৈ গৌৰৱ কঢিয়াই আনে।