*নাজিৰাত অসমৰ মাননীয় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া ,

অ'এনজিচি, নিৰাপত্তা বাহিনী আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে পৰ্যালোচনা সভাত অংশগ্ৰহণ ।

অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি নাজিৰাৰ অ'এন.জি.চি ৰ সভাকক্ষত শিৱসাগৰ জিলাৰ অন্তৰ্গত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ লগতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ মূৰব্বী বিষয়া আৰু নিৰাপত্তা বাহিনীৰ মুৰব্বী বিষয়া সকলৰ লগত এক পৰ্যলোচনা সভাত মিলিত হয় ৷ 

সভাত বিশেষকৈ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে ৰূপায়ন কৰি থকা আঁচনি সমূহৰ সন্দৰ্ভত , তেল আৰু প্ৰাকৃতিক গেছ আয়োগে সম্পাদন কৰি থকা কামৰ আৰু নিৰাপত্তা বাহিনীৰ নিৰাপত্তা সম্পৰ্কীয় বিষয়ত আলোচনা কৰা হয় ৷ 

এই পৰ্যালোচনা সভাত  অ'এন.জি.চিয়ে বৰ্তমানলৈকে  তেল আৰু গেছ উৎপাদনৰ কাৰণে লোৱা ব্যৱস্থা আৰু সামাজিক উন্নয়নৰ কাৰণে গ্ৰহণ  কৰা ব্যৱস্থাৰ বিষয়ে পিপিটি পদ্ধতিৰে উপস্থাপন কৰে ৷ সভাত নিৰাপত্তা বাহিনীৰ তৰফৰ পৰাও জিলাখনত সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে  হাতত লোৱা ব্যৱস্থা সমূহৰ বিষয়ে বিস্তৃত ভাৱে অৱগত কৰা হয় ৷ 

ইয়াৰোপৰি জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী, কৃষি, স্বাস্থ্য, মীন, সমাজ কল্যান, গ্ৰামোন্নয়ন, লোকনিৰ্মাণ আদিকে ধৰি বিভিন্ন বিভাগে ৰূপায়ন কৰি থকা উন্নয়নমূলক কামৰ খতিয়ান পিপিটিৰ জৰিয়তে ৰাজ্যপাল গৰাকীক অৱগত কৰা হয় ৷ 

আজিৰ সভাত উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ, অ'এন.জি.চিৰ এচেট মেনেজাৰ ৰাজেশ কুমাৰ শৰ্মা, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্চিনী দ'লে, জিলা উন্নয়ন আয়ুক্ত বিতোপন নেওগ, অতিৰিক্ত উপায়ুক্ত ড° মন্দিৰা বৰুৱা, সব্যসাচী কাশ্যপ, কৰ্মদেৱ ব্ৰহ্ম, নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুসী জৈন,  সহকাৰী আয়ুক্ত নুজহত নাচৰিন, উপাসনা বৰা, সেনাবাহিনী, চিআৰপিএফ, কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ মুৰব্বী আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে ৷