ৰহা কটহগুৰি নিবাসী বিশিষ্ট সমাজকৰ্মী, সংগঠক,সচেতন ধূপচিং কোঁৱৰ ৰ আদ্যশ্ৰাদ্ধ উপলক্ষে আজি স্মৃতি চাৰন সভা অনুষ্ঠিত হোবা ৰ লগতে স্মৰণিকা উন্মোচন কৰা হয়।

     ৰহা কটহগুৰি নিবাসী বিশিষ্ট সমাজকৰ্মী,সংগঠক,সচেতক বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠান, প্ৰতিষ্ঠান ৰ লগত নিবিডভাবে জডিত ধূপচিং কোঁৱৰৰ আদ্যশ্ৰাদ্ধ ত আজি বাসস্থান ত এখন স্মৃতিচাৰন সভা অনুষ্ঠিত হয়।

         কটহগুৰি স্থিত বাসস্থান ত আজি দিনৰ ১১ বজাৰ পৰা জনসেবা পুথিভঁৰাল ৰ উদ্যোগত আৰু পৰিয়ালবৰ্গৰ সহযোগ স্মৃতি চাৰন সভাৰ সভাপতিত্ব কৰে পুথিভঁৰাল ৰ সভাপতি প্ৰশান্ত বৰদলৈয়ে।পুথিভঁৰালৰ সম্পাদক পুষ্পেন্দ্ৰ গাঁওখোবাই আঁত ধৰা তথা উদ্দেশ্য ব্যাখ্যা কৰা সভাত ধূপচিং কোঁৱৰ ক প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন, মাল্যাৰ্পন কৰাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনৰ প্ৰতিনিধি,ৰাইজ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ লগতে সভাত স্বৰ্গীয় কোঁৱৰ ৰ স্মৃতি চিৰজোগমীয়া কৰাৰ উদ্দেশ্যৰে পুথিভঁৰাল ৰ সম্পাদনাত প্ৰকাশিত স্মৰণিকা উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ চন্দ্ৰকান্ত ডেকাই।সভাত বিশিষ্ট শিক্ষা বিদ তৰুন চন্দ্ৰ ডেকা, ৰুহিমল কোঁৱৰ, সমাজকৰ্মী দীন কোঁৱৰ কীৰ্তনচিং বৰদলৈ,কটহগুৰি নেহৰু প্ৰাথমিক বিদ্যালয় ৰ প্ৰধান শিক্ষক প্ৰফুল্ল চন্দ্ৰ ডেকা, লেখক,কবি,মাছ কেন্দ্ৰীয় সমিতিৰ সচিব প্ৰধান লক্ষীপ্ৰসাদ ডেকা,আক্ৰাছুৰ সহ সাংগঠনিক সম্পাদক ৰাতুল ৰাজবংশী, সমাজকৰ্মী ৰঘু কোঁৱৰ, ত্ৰৈলোক্য ডেকা,ফুলেশ্বৰ বৰদলৈ, বিহু উৎসৱ সমিতিৰ লিপি জ্যোতি বৰদলৈ,ৰাস উদযাপন সমিতিৰ সম্পাদক স্বপনিল ডেকা,জনসেবা পুথিভঁৰাল সমিতিৰ শিক্ষা সম্পাদক চন্দন জ্যোতি দেউৰী সহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰ প্ৰতিনিধি ৰ লগতে অঞ্চলৰ ৰাইজ গনমান্য ব্যক্তি উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে।সভাত সমাজকৰ্মী ধূপচিং কোঁৱৰ পৰিয়ালবৰ্গৰ হৈ সহধৰ্মীনি দূৰ্গেশ্বৰী কোঁৱৰ, জ্যেষ্ঠ পুত্ৰ তথা তিবা স্বায়ত্ব পৰিষদ ৰ কাৰ্য্যবাহী সদস্য সৰোজ কোঁৱৰ, মাজু পুত্ৰ মুনীন্দ্ৰ কোঁৱৰ, কনিষ্ঠ পুত্ৰ ভূপেন কোঁৱৰ, কন্যা সংগীতা কোঁৱৰ, জ্যেষ্ঠ বোৱাৰী দিপাঞ্জলী কোঁৱৰ, মাজু বোৱাৰী বৰ্নালী ডেকা উপস্থিত থকাৰ লগতে উপস্থিত অতিথি সকলে ধুপচিং কোঁৱৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰত দিয়া অবদানৰ ওপৰত বক্তব্য ৰাখি স্মৰণ কৰে।