গোৰেশ্বৰৰ বগামাটিত ২৯ আৰু ৩০ এপ্ৰিলত দুদিনীয়াকৈ বৰনদী ৰাইডাৰ্চ মীট ২০২৩ চেম্পিয়নচিপ প্ৰতিযোগিতা

*গোৰেশ্বৰৰ ভাৰত ভূটান সীমান্তৰ পৰ্যটন স্থলী বগামাটিত অনুষ্ঠিত হব “বৰনদী ৰাইডাৰ্চ মীট ২০২৩ চেম্পিয়নচিপ” ৷ গ্ৰীনটেক এণ্ড এডভেন্সাৰৰ উদ্যোগত আৰু বড়োলেণ্ড ট্যুৰিজিমৰ সহযোগত ২৯ আৰু ৩০ এপ্ৰিলত দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে এই বাইক ৰাইডাৰ্চ প্ৰতিযোগিতাৰ।দুঃসাহসিক ক্ৰীড়াক জনপ্ৰিয় কৰা আৰু পৰ্যটন মানচিত্ৰত বগামাটিক বিশ্ব দৰবাৰত তুলি ধৰাৰ উদ্দেশ্যে আয়োজিত চেম্পিয়ন চিপত কেবাখনো ৰাজ্য ক্ৰমে চিক্কিম, মেঘালয় ,অৰুণাচল আদিৰ খেলুৱৈ অংশগ্ৰহণ কৰিব ৷সোমবাৰে সংবাদমেল যোগে সদৰি কৰিছে গ্ৰীণ টেক এণ্ড এডভেন্সাৰৰ উদ্যোক্তাসকলে।লগতে বাইক ৰাইডাৰ্চ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰাসকলক 9678410485 আৰু 9957819726 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷