৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে দেশজুৰি পালন কৰি থকা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি ডিব্ৰুগড়ত ৰাজহুৱা খণ্ডৰ অন্যতম উদ্যোগিক প্ৰতিষ্ঠান BCPLৰ উদ্যোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।
সমাজ জীৱনলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে ৭৫ জনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা বিচিপিএল কৰ্তৃপক্ষৰ। ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ সৌজন্যত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আৰু শ্ৰম নিয়োগ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি জিলাখনৰ ৭৫ জন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে।