এবাৰ এবাৰকৈ দুবাৰে শিলাবৃষ্টি হয় কামৰূপ আৰু নলবাৰী জিলা সীমান্তবৰ্তী ঠাই বাহাৰঘাট অঞ্চলত৷উল্লেখ্য যে আজি নিশা ৮-৩৮ বজাত হোৱা প্ৰচণ্ড শিলাবৃষ্টিৰ অন্তত পূনৰ ৯-২৬ বজাত ধাৰাসাৰ শিলাবৃষ্টি হৈ অঞ্চলটোৰ বহুতো মানুহৰ বিপৰ্যয় নমাই আনে৷ইতিমধ্যে বহুতো  ঘৰৰ টিনপাতৰ ক্ষতি কৰাৰ খৱৰো আহিছে৷আনহাতে শাকপাচলি আদিৰ শিলাবৃষ্টিৰ বাবে বিস্তৰ ক্ষতি হৈছে৷পৰিতাপৰ কথা যে বাতৰি লিখা সময়লৈকে মেঘৰ গাজনি কমা নাই নিশাৰ ভাগত আকৌ ধাৰাসাৰ বৰষুণ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে৷