অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ ৰ ৰহা আঞ্চলিক সমিতিৰ ১৯ তম্ দ্বী বাৰ্ষিক প্ৰতিষ্ঠা দিৱস এদিনীয়া কাৰ্য্যসূচীৰে মংগলবাৰে অনুষ্ঠিত হয় আৰু ৰহা আঞ্চলিৰ নতুন সমিতি গঠন কৰা হয়।
ৰহা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ ত মংগলবাৰে ৰহা আঞ্চলিক জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ ৰ ১৯ সংখ্যক দ্বি বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৰ শুভাৰম্ভ পুবা আঞ্চলিকৰ সভাপতি অসীম কুমাৰ দাসে পৰিষদৰ পতাকা উওোলন আৰু সম্পাদক নিলোৎপল হাজৰিকাই শ্বহীদ তৰ্পন কৰি কৰাৰ লগতে পৰিষদ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক দিগন্ত দাসে আঞ্চলিকৰ প্ৰচাৰ পত্ৰিকা সমন্বয় ৰ উন্মোচন কৰাৰ পাছত প্ৰতিনিধি পঞ্জীয়ন আৰু সভাপতি অসীম কুমাৰ দাসৰ সভাপতিত্বত আৰু সম্পাদক নিলোৎপল হাজৰিকাই আঁত ধৰা প্ৰতিনিধি সভাত পুৰনি সমিতি ভংগ কৰি সৰ্বসম্মতিৰে নিলোৎপল হাজৰিকাক সভাপতি আৰু ৰুবুল মুদৈ ক সম্পাদক হিচাপে লৈ ৰহা আঞ্চলিক জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ ২৩ জনিয়া নতুন সমিতি গঠন কৰা হয়।তাৰ পাছত বিষয় বাচনি সভা অনুষ্ঠিত হয়।
প্ৰতিষ্ঠা দিৱস ত অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক দিগন্ত দাস, জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া,সম্পাদক দেবাশিষ দাস,উপ সভাপতি হৰিপ্ৰসাদ ৰাজখোৱা, পৰ্য্যবেক্ষক দ্বয় হেমন্ত দাস পাৰ্থজ্যোতি বৈৰাগী,ৰহা আঞ্চলিকৰ উপদেষ্টা হিমেন নাথ,দীপক দাসৰ লগতে পৰিষদৰ কেন্দ্ৰীয়, জিলা,আঞ্চলিক আৰু শাখা সমুহৰ প্ৰতিনিধি উপস্থিত আছিল।