আজি ১১ এপ্ৰিল মঙ্গলবাৰে বিয়লি ২:৩০বজাত গুৱাহাটীৰ চুপাৰমাৰ্কেটস্থিত প্ৰতিমা বৰুৱা পাণ্ডে কলা-কৃষ্টি প্ৰতিষ্ঠানত উত্তৰ গুৱাহাটীৰ সাংস্কৃতিক প্ৰতিভা স্বপ্নালী গগৈ মহন্তৰ আহ্বানক্ৰমে এখনি সভা অনুষ্ঠিত হৈ যায়।উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৃহত্তৰ গুৱাহাটী মহিলামঞ্চ সাংস্কৃতিক সংস্থাৰ সভানেত্ৰী ড০শিখা বেজবৰুৱা গোস্বামী।স্বপ্নালী গগৈ মহন্তই উদ্দেশ্য বাখ্যা কৰা সভাখনিত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও উদ্যমী মহিলাৰ সহমতত উত্তৰ গুৱাহাটীত কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি “জোনবিৰি সাংস্কৃতিক দল”নামাকৰণেৰে বৃহত্তৰ গুৱাহাটী মহিলামঞ্চ সাংস্কৃতিক সংস্থাৰ এটি শাখা গঠন কৰা হয়।সভাত ড০শিখা বেজবৰুৱা গাস্বামী মহোদয়াৰ লগতে আন আন উপস্থিত মহিলাসকলেও নিজৰ মতামত ব্যক্ত কৰে আৰু সৰ্বসন্মতিক্ৰমে সৰ্বশ্ৰী নন্দা দাস,অমিয়া দাস,বিউটি বিথু বৰুৱা,ৰুনজুন গগৈ আৰু লীনা বড়াক উপদেষ্টা হিচাপে লৈ ক্ৰমে স্বপ্না ৰানী নাথ,পূৰ্ণিমা কাকতি,স্বপ্নালী গগৈ মহন্ত আৰু চুমী হাজৰিকাক সভানেত্ৰী,উপসভানেত্ৰী,সম্পাদিকা আৰু কোষাধ্যক্ষা হিচাপে লৈ এখনি পোন্ধৰজনীয়া পূৰ্ণাংগ কমিটি গঠন কৰি দিয়া হয়।কমিটিত সংগীতা কাকতিক প্ৰচাৰ বিভাগৰ সম্পাদিকা আৰু মীনা কলিতা,বৰ্ণালী দেৱী,কবিতা ডেকা,ৰীতামনি গগৈ,গীতা কলিতা,উৰ্বশী মেচ আদিক কাৰ্যনিৰ্বাহক সদস্যা হিচাপে দায়িত্বত ৰখা হয়।অনাগত সময়ত কেইবাটাও গঠনমূলক কৰ্মসূচীৰ পৰিকল্পনা হাতত লোৱা হয় আৰু চুমী হাজৰিকাৰ শলাগৰ শৰাইৰে সভাৰ সামৰণি পৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BIG FOREARMS WORKOUT | हाथों को मजबूत कैसे करें | ARMS WORKOUT | Healthy zone
BIG FOREARMS WORKOUT | हाथों को मजबूत कैसे करें | ARMS WORKOUT | Healthy zone
परभणी जिल्ह्याच्या विकासाकरीता मुख्यमंत्री एकनाथ शिंदे यांनी केल्या घोषणा*
परभणी, दि.१७ : मराठवाडा मुक्ती संग्राम दिनानिमित्त
मुख्यमंत्री एकनाथ शिंदे औरंगाबाद येथे...
सस्ते iPhone SE 4 के लॉन्च की तैयारी, एपल इंटेलिजेंस और 48MP कैमरा के साथ होगी एंट्री
Apple इन दिनों नेक्स्ट जेनरेशन iPhone SE 4 पर काम कर रहा है। इसमें कई नए फीचर्स को शामिल किया...