নিজ বিভাগ তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ মন্থৰ গতিৰ কামৰ বাবে সময় অনুসৰি বিহপুৰীয়া সমষ্টিত ৰুৰবান মিছনৰ কাম সম্পূৰ্ণ হোৱা নাই বুলি ৰাজহুৱা সভাত স্বীকাৰ কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷ চৰকাৰৰ হাতত পৰ্যাপ্ত পুঁজি থকাৰ পাচতো একমাত্ৰ নিজ বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ বাবে ৰাইজে আচঁনিৰ সুফল লাভ কৰাত পলম হোৱা বুলি স্বীকাৰ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আজি বিহপুৰীয়া সমষ্টিৰ পথালিপাহাৰ গাঁও পঞ্চায়তত এটা কৃষি সেৱা আৰু সংসাধন কেন্দ্ৰৰ লগতে আন এটা পশুপালন প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰি নিজ বিভাগটোৰ দুৰ্বলতাৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে বিহপুৰীয়া সমষ্টিত বৰবালি ,পথালিপাহাৰ আৰু বিহপুৰীয়া গাঁও পঞ্চায়ত সামৰি শ্যামাপ্ৰসাদ মুৰ্খাজী ৰুৰবান মিচনৰ অধীনত বৰ্তমানলৈকে ত্ৰিশ কোটি টকাৰ আচঁনি ৰুপায়ন কৰা হৈছে যদিও কোনোটো আচঁনি আজিও সম্পুৰ্ণ হোৱা নাই ৷ ইফালে সমগ্ৰ প্ৰকল্পটোৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ২০১ কোটি টকা ধাৰ্য কৰিছে ৷ মন্ত্ৰীগৰাকীৰ অকপট স্বীকাৰোক্তিয়ে বিভাগটোৰ দুৰ্বলতাক পুনৰ বাৰ প্ৰমান কৰাৰ লগতে সমগ্ৰ আচঁনি খনৰ সফলতা তথা সুফলক লৈ ৰাইজ সন্দিহান হৈ পৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Tiger-3 की स्क्रीनिंग के दौरान Theater में आतिशबाजी पड़ी भारी | Aaj Tak News
Breaking News: Tiger-3 की स्क्रीनिंग के दौरान Theater में आतिशबाजी पड़ी भारी | Aaj Tak News
એશિયા કપની ફાઈનલ મેચમાં ઇન્ડિયન ફેન્સ સાથે ભેદભાવ
એશિયા કપની ફાઈનલ મેચમાં ઇન્ડિયન ફેન્સ સાથે ભેદભાવ
बूंदी विधायक के जन्मदिन पर होगा रक्तदान शिविर
बूंदी विधायक के जन्मदिन पर होगा रक्तदान शिविरबून्दी। बूंदी विधायक हरिमोहन शर्मा का जन्मदिन उनके...
જુનાગઢ ST કર્મચારીઓ આંદોલનના માર્ગે,આગામી હડતાળ ના પગલે 9 ડેપોની 495 બસો બંધ રહેશે
જુનાગઢ ST કર્મચારીઓ આંદોલનના માર્ગે,આગામી હડતાળ ના પગલે 9 ડેપોની 495 બસો બંધ રહેશે
ડીસા પાટણ હાઈવે પર આજે એક દૂધના ટેન્કરે બાઈક ચાલકને અડફેટે લેતા અકસ્માત સર્જાયો
ડીસા પાટણ હાઈવે પર આજે એક દૂધના ટેન્કરે બાઈક ચાલકને અડફેટે લેતા અકસ્માત સર્જાયો