ভাৰতীয় জনতা পাৰ্টিৰ ৪৪ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি "সামাজিক ন্যায় সপ্তাহ " কাৰ্যক্ৰমৰ অংশস্বৰূপে আজি ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা অনূসুচিত জনজাতি মৰ্চাৰ উদ্যোগত মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত কলাখোৱা পঞ্চায়তৰ প্ৰেক্ষাগৃহত জনজাতীয় যুৱক যুৱতী সকলক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে আত্মনিৰ্ভৰ ভাৰত শীৰ্ষক এখনি বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়।
অনুসূচিত জনজাতি মৰ্চা ডিব্ৰুগড় জিলাৰ মাননীয় সভাপতি নবীন মিলিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ এই সভাখনিত মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, লৰুৱা মণ্ডলৰ সভাপতি সূৰ্য ফুকন, জিলা পৰিষদৰ সদস্য তথা সংশ্লিষ্ট মৰ্চাৰ উপ-সভাপতিদ্বয় ক্ৰমে চন্দন দেউৰী আৰু তপন বড়া, সাধাৰণ সম্পাদক ৰিদীপ হাজৰিকা, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সদস্য বদন সোণোৱাল আৰু বিশ্বজিৎ সোণোৱাল, বৰবৰুৱা উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি মৃণাল মিলি ,কলাখোৱা পঞ্চায়তৰ সভানেত্ৰী মৰমী সন্দিকৈকে প্ৰমুখ্যে কৰি বৃহত্তৰ কলাখোৱা অঞ্চলৰ কেইবাশ তাধিক ৰাইজ উপস্থিত থাকে।