বাৰ্মিংহামত স্বৰ্ণজয় কৰি ইতিহাস ৰচনা কৰা লনবল খেলুৱৈ নয়নমণি শইকীয়াক কাজিৰঙাত উষ্ম আদৰণি জনায়। এই উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কহঁৰাতস্থিত বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা জনায় স্বৰ্ণজয়ী নয়নমণি শইকীয়াক।

 উক্ত অনুষ্ঠানতে কাজিৰঙাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা দল-সংগঠনে নয়নমণি শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে৷ অনুষ্ঠানত নয়নমণিয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কঠোৰ পৰিশ্ৰম আৰু সাধনাই লক্ষ্য প্ৰাপ্তিৰ মূলমন্ত্ৰ বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। খেলুৱৈগৰাকীয়ে কয় জন্মস্থান গোলাঘাট জিলাতে থকা কাজিৰঙাক লৈ যথেষ্ট গৌৰৱ অনুভৱ কৰে লগতে কাজিৰঙাৰ সুৰক্ষাৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰা বন বিষয়া-বনকৰ্মীসকলকো শলাগ লয়। ইপিনে 

বন বিভাগৰ বন সুৰক্ষা বাহিনীৰ এগৰাকী কৰ্মচাৰী হৈ স্বৰ্ণ পদক লাভ কৰা নয়নমণি শইকীয়ালৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ DFO ৰমেশ কুমাৰ গগৈয়ে গৌৰৱ অনুভৱ কৰা বুলি মত ব্যক্ত কৰে। আনহাতে নিজা কৰ্তব্য আৰু দায়িত্বৰ মাজতো খেলৰ জৰিয়তে বন সুৰক্ষা বাহিনীৰ নয়নমণি শইকীয়ায়ে সোণৰ পদক লাভ কৰাত বন বিভাগৰ প্ৰতিজন বিষয়া কৰ্মচাৰী আজি গৌৰৱান্বিত।