আজি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু অসম চৰকাৰৰ প্ৰয় প্ৰণালী আৰু নগৰ পানী যোগানৰ অধ্যক্ষ কুশল দুৱৰীৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিৰ নিতাই পানীদিহিং মণ্ডলৰ ৮ নং , ৯ নং আৰু ১০ নং বুথ সমিতি , দেউৰী স্বায়ত্বশাসিত পৰিষদৰ ৬ নং কটিয়ৰী সমষ্টিৰ উন্নয়ন সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত শিঙিয়নী গাৱঁৰ টেঙাপানী সাংস্কৃতিক মুৰংঘৰত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটিত উপস্থিত থাকে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ভৈৰব দেউৰী ।  

   আজিৰ এই অনুষ্ঠানটিৰ জৰিয়তে কটিয়ৰী সমষ্টি বাসীৰ বিভিন্ন সমস্যা সমাধান আৰু উন্নয়ন মূলক আঁচনি সমূহৰ বিষয়ে ৰাইজৰ আগত অৱগত কৰে। 

    উক্ত অনুষ্ঠানটিত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য ক্ৰমে হিৰণজীৎ বিৰেশ্বৰ দেউৰী, পূজাৰী দেউতা সকলৰ লগতে সন্মানীয় বিশিষ্ট সমাজকৰ্মী তথা জেষ্ঠ ব্যক্তি সকল।