অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী  ৷ সমগ্ৰ অসমৰ লগতে নলবাৰী জিলাৰ টিহুৰ হালধিবাৰীতো শনিবাৰৰ  পৰা  বিহু কৰ্মশালাৰে চলিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি ৷ ঢোল-পেঁপাৰ মাতত  আৰু নাচনীৰ খোজৰ গিৰিপনিত উখল-মাখল হালধিবাৰীৰ চৌদিশ ৷ টিহুৰ হালধিবাৰীত অসম ৰাজ্যিক চলচিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ নেতৃত্বত টিহু উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত  অনুষ্ঠিত   বিহু কৰ্মশালাত ব্যস্ত কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা যুৱক-যুৱতী সকল ৷ ঢোল-পেঁপাৰ সুৰত কঁকাল ভাঙিছে বহুসংখ্যক নাচনীয়ে । ভাৰতী হাইস্কুল খেল পথাৰত অনুষ্ঠিত কৰা হৈছে পাঁচ দিনীয়া বিহু কৰ্মশালা ৷ হেঁপাহৰ ৰঙালী বিহুটিৰ বাবে সকলোৰে মন প্ৰাণ মতলীয়া ৷ ঢোল-পেঁপাৰ শব্দত নাচনীৰ নাচত ৰজনজনাই আছে টিহুৰ হালধিবাৰীৰ  সমগ্ৰ অঞ্চল ৷ শনিবাৰে উক্ত বিহু কৰ্মশালাখন শুভ উদ্বোধন কৰে টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ড: কিশোৰ কুমাৰ তালুকদাৰে  ৷ বিহুগীত আৰু বিহুবাদ্যৰ প্ৰসিদ্ধ শিল্পী  বোকাখাটৰ অংকিতা কাশ্যপ , তিনিচুকীয়াৰ নিৰুপমা শইকীয়া , পাৰ্থ কোঁৱৰ , পংকজ ফুকন আৰু ৰিতুঞ্জয় গগৈয়ে পাঁচদিনীয়া প্ৰশিক্ষণ শিবিৰত বিহুনৃত্য আৰু বিহুনাচৰ  প্ৰশিক্ষণ প্ৰদান কৰিব ৷