ধমধমা মহাবিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুমুদ চন্দ্ৰ গোস্বামীক আজি ৰাজহুৱা বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয় । এই উপলক্ষে মহাবিদ্যালয়ত ধমধমা আঞ্চলিক কলেজৰ অধ্যক্ষ ড⁰ গৌতম চন্দ্ৰ দাসৰ সঞ্চালনত অনুষ্ঠিত বিদায় সম্বৰ্ধনা আৰু অভিনন্দন গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কুমুদ চন্দ্ৰ গোস্বামীৰ অভিনন্দন গ্ৰন্থ 'কৌমুদী' উন্মোচন কৰে বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰবেন্দ্ৰ কুমাৰ দাসে ৷ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত মহাধিবক্তা বিশ্বজিৎ গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে । জ্যোতিশিখা বৈশ্যৰ গীতেৰে

আৰম্ভ হোৱা অনুষ্ঠানত তৰণী বৈশ্য প্ৰমুখ্যে ভালেসংখ্যক শিল্পীয়ে গীত পৰিৱেশন কৰে ৷ অঞ্চলটোৰ বিশিষ্ট ব্যক্তিকে ধৰি প্ৰাক্তন ছাত্ৰ আৰু ছাত্ৰ-ছাত্ৰীসহ তিনি শতাধিক লোক উপস্থিত থাকে ৷ অনুষ্ঠানত ভালেসংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানে বিদায়ী অধ্যক্ষ কুমুদ চন্দ্ৰ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷