চৰাইদেউ জিলাৰ মৰাণ পৌৰসভাই বদ্ধিৰ্ত কৰ নিৰ্দ্ধাৰণৰ বাবে আজি অনুষ্ঠিত কৰে এখন ৰাজহুৱা সভা৷ মৰাণহাট ৰাজহুৱা ভনৱত পৌৰপতি অৰূপ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মৰাণ নগৰ কৰদাতা সংস্থাৰ সভাপতি হেম বৰা আৰু সম্পাদক প্ৰবীৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক বাছা বৰা আৰু যদুনাথ পুৰী, ‘আছু’ৰ মৰাণ আঞ্চলিক সমিতিৰ উপদেষ্টা ভাস্কৰ বৰুৱা, জ্যেষ্ঠ নাগৰিক বিপুল চন্দ্ৰ গগৈ, হৰেন বৰপাত্ৰ গোহাঁই, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মৰাণ আঞ্চলিক সমিতিৰ সম্পাদক বিতোপন লাচনকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য দাঙি ধৰি ৰাইজৰ সহমতৰ ভিত্তিতহে কৰ নিৰ্দ্ধাৰণৰ কৰিবলৈ দাবী উত্থাপন কৰে৷ পৌৰসভাৰ উপ-পৌৰপতি উদয় শঙ্কৰ গগৈ আৰু কাৰ্যবাহী বিষয়া ভাৰতী বৰাই অংশগ্ৰহণ কৰা সভাখনত অহা ৯ এপ্ৰিলত মৰাণ নগৰ কৰদাতা সংস্থাৰ সৈতে আলোচনা কৰি চূড়ান্ত কৰ নিৰ্দ্ধাৰণ কৰাৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ উল্লেখ্য যে, মৰাণ পৌৰসভাই অত্যধিক হাৰত কৰ বৃদ্ধি কৰি জাননী জাৰি কৰাৰ পাচত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় নগৰখনত৷ পাচত কৰদাতা নাগৰিকসকলৰ হেঁচাত বদ্ধিৰ্ত কৰ বাতিল কৰিবলৈ বাধ্য হয় পৌৰসভাই ৷ ইফালে সভাখনত স্থানীয় বিধায়ক তথা অসম চৰকাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা দপ্তৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে বক্তব্য দাঙি ধৰি ৰাইজৰ লগত আলোচনা কৰি কৰদাতাসকলৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ কৰ নিৰ্দ্ধাৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सनसवाडीत कंपनीतून खंडणी उकळणारे दोघे जेरबंद
सणसवाडीत कंपनीकडून खंडणी घेणारे दोघे जेरबंद
( शिक्रापूर प्रतिनिधी ) सणसवाडी ता. शिरुर येथील एका...
Uttarkashi Tunnel Collapse: 'मुझे बचा लो...‘, सुरंग से आई फंसे मजदूर की आवाज, सुनिए | Latest News
Uttarkashi Tunnel Collapse: 'मुझे बचा लो...‘, सुरंग से आई फंसे मजदूर की आवाज, सुनिए |...
Sultanpur Encounter News: अनुज प्रताप सिंह के एनकाउंटर पर CM का बड़ा बयान | Aaj Tak
Sultanpur Encounter News: अनुज प्रताप सिंह के एनकाउंटर पर CM का बड़ा बयान | Aaj Tak
भारतीय बाजार में हिस्सेदारी बढ़ाने Nissan लॉन्च करेगी 3 नई एसयूवी, CNG, Hybrid और EV पर भी दी जानकारी
जापानी वाहन निर्माता Nissan की ओर से भारतीय बाजार में अपनी हिस्सेदारी को बढ़ाने के साथ ही...
১০০ গৰাকী ছাত্ৰ ছাত্ৰীক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত দিয়া হ'ব APSC/UPSC ৰ প্ৰশিক্ষণ
১০০ গৰাকী ছাত্ৰ ছাত্ৰীক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত দিয়া হব APSC/ UPSC ৰ প্ৰশিক্ষণ