এহেজাৰ নাচনি,বিহুৱা,ঢোলীয়াই কপালে গোলাঘাট নগৰৰ মাজমজিয়াৰ সমন্বয় ক্ষেত্ৰৰ বাকৰি । ঢোলৰ গিৰগিৰণী, বাঁহী,পেপা,গগণাৰ সুমধুৰ বিহুৰ সুৰেৰে গোলাঘাট নগৰৰ আকাশ-বতাহ মুখৰিত । ঢোল,পেপা,গগণাৰ চেৱত শাৰি পাতি শ-শ নাচনিয়ে কঁকাল ভাঙি নচাৰ দৃষ্টিনন্দন দৃশ্য । গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত এক অনন্য পৰিৱেশ । সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, মন্ত্ৰী অজন্তা নেওগ, গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ উদয় প্ৰবীণে ৰ লাগি চালে এই দৃষ্টিনন্দন দৃশ্য । অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বিহুৱা-বিহুৱতীৰ দ্বাৰা গিনিজ বুক অৱ ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে অসম চৰকাৰে আয়োজন কৰা 'মেগা বিহু' অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গোলাঘাট জিলাৰ অংশগ্ৰহণকাৰীৰ এইয়া আছিল আজি চুড়ান্ত অনুশীলনপৰ্ব । বিধায়ক বিশ্বজিৎ ফুকন,মন্ত্ৰী অজন্তা নেওগ অনুষ্ঠানত উপস্থিত থাকি পৰ্যবেক্ষন কৰে । গোলাঘাট জিলাৰ সৰুপথাৰ, গোলাঘাট,খুমটাই,বোকাখাত আৰু দেৰগাঁও সমষ্টিৰ গ্ৰামাঞ্চলৰ এহেজাৰ গৰাকীয়ে গোলাঘাট জিলাৰ দলটোত অংশগ্ৰহণ কৰিছে। 

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं