শুই থকা অৱস্থাতে এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি চাবুৱাৰ বালিজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।

কেছগড়া প্ৰাথমিক বিদ্যালয়ত বুধবাৰে ক’ভিডৰ দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰাৰ ফলতেই কিশোৰী গৰাকীৰ মৃত্যু হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

জানিব পৰা মতে, আজি ৰাতিপুৱা ভাগৰ পৰা বমি হোৱাৰ পাছত দিনৰ ১ বজাত শুই থকা অৱস্থাতেই কিশোৰী গৰাকীৰ মৃত্যু ঘটে।

মৃত্যুমুখত পৰা ১৩ বছৰীয়া ছাত্ৰী গৰাকী তিৰ্চা বাত্ৰী বুলি চিনাক্ত কৰিছে।

জানিব পৰা মতে, বৰ্তমান চাবুৱা আৰক্ষী আৰু চাবুৱা ৰাজহ চক্ৰ বিষয়া ঘটনাস্থলত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে AMC-লৈ প্ৰেৰণ কৰিছে।