বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত খেলি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ঠ হৈছিল তৃতীয় শ্ৰেনীৰ ছাত্ৰ চাহিল নেৱাৰ

মৰাণৰ বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যুৎস্পৃষ্ঠ  হোৱা ছাত্ৰজনৰ অৱস্থা বৰ্তমানেও সংকটজনক । যোৱা ২২ মাৰ্চৰ পৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত জীৱন-মৃত্যুৰ সৈতে যুঁজ দিবলগীয়া হৈছে তৃতীয় শ্ৰেনীৰ ছাত্ৰ চাহিল নেৱাৰে । 

২২ মাৰ্চৰ পুঁৱা প্ৰায় ৯ বজাত সমনীয়াৰ সৈতে বিদ্যালয়খনৰ চৌহদত খেলি থকা অৱস্থাতে  বিদ্যুৎস্পৃষ্ঠ  হৈছিল ছাত্ৰজন । বিদ্যালয়খনৰ কম্পিউটাৰ কোঠাৰ বাহিৰৰ ফালে বেৰত লাগি থকা এডাল তাঁৰত হঠাৎ ছাত্ৰজনে স্পৰ্শ কৰাত অচেতন হৈ পৰিছিল ছাত্ৰজন ।

ঘটনাটো সংঘটিত হোৱাৰ পিছত ততাতৈয়াকৈ তিলৈ সামূহিক চিকিৎসালয়লৈ লৈ যোৱাৰ পিছত লগে লগে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰা হৈছিল ছাত্ৰজনক । বৰ্তমানেও ছাত্ৰজনৰ অৱস্থা উন্নত হোৱা নাই । ইফালে উন্নত চিকিৎসাৰ বাবে কিছু অৰ্থ সাহাৰ্যৰো প্ৰয়োজন হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটিক । বিদ্যালয় কৰ্তৃপক্ষ আৰু কিছু সচেতন ব্যক্তিয়ে কিছু অৰ্থ সাহাৰ্য প্ৰদান কৰিছে যদিও সেইয়া যথেষ্ট নহয় ।

শেহতীয়াকৈ ছাত্ৰজনৰ চিকিৎসা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষ আৰু বিভিন্ন দল-সংগঠনৰ উপস্থিতিত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় । চৰকাৰ, প্ৰশাসন, বিদ্যুৎ বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়কক ছাত্ৰজনৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছে দল - সংগঠনে