*চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল বুনমাজা ভিচিডিচি৷*

আজি বাক্সা জিলাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ বুনমাজা ভিচিডিচিৰ আইখাৰী গাঁৱত পুৰুষ-মহিলা ছাত্ৰ-ছাত্ৰীয়ে উলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে৷ প্ৰতিবাদী সকলে ভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে প্ৰতিবাদ কৰি অঞ্চলৰ বাটপথৰ শীৰ্ঘে মেৰামতি কৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়৷ লগতে বিটিআৰ চীফ প্ৰমোদ বড়োক প্ৰতিশ্ৰুতি পুৰণ কৰাৰ ব্যৰ্থ বুলি সমালোচনা কৰে৷ কাৰণ আইখাৰী অঞ্চলৰ কোনো এটা বাটপথৰ অৱস্থাই ভাল নহয়৷ ছাত্ৰ-ছাত্ৰী উলাই যোৱাৰ কোনো পথেই নাই৷ নিৰ্বাচন আহিলে প্ৰতিটো দলেই আশ্বাস দিয়ে নিৰ্বাচন গলে সকলো পাহৰি যায়৷ যাৰ বাবে অঞ্চলৰ ৰাইজে প্ৰমোদ বড়ো হায় হায়, অসম চৰকাৰ হায় হায়, বিধায়ক মনোৰঞ্জন তালুকদাৰ-পাৰিষদ জয় মুছাহাৰী গ'বেগ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তুলে৷