ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ ত আজি দিনৰ ১০ বজাত ৰহা শাখা সাহিত্য সভাৰ উদ্যোগত আৰু নগাঁও জিলা সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত হোবা গ্ৰন্থ উন্মোচনী সভাৰ শুভাৰম্ভ জিলা সভাপতি ঠগীত মহন্তৰ দ্বাৰা পতাকা উওোলন, দেহেশ্বৰী দাসৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু মহিলা সকলৰ দ্বাৰা সাহিত্য সভাৰ স্থায়ী সংগীত চিৰ চেনেহী,মোৰ ভাষা জননী পৰিবেশন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানত ৰহা নিবাসী তথা দুখিয়াৰ বন্ধু, মানৱ দৰদী, অসম ফাৰ্মাচি কাউন্সিলৰ প্ৰাক্তন পঞ্জীয়ক ভূবন চন্দ্ৰ দাসৰ গল্পপুথি  জ্ঞানী কোন আৰু উপন্যাসিকা নিলিখা কাগজ উন্মোচন কৰে ক্ৰমে জিলা সাহিত্য সভাৰ সভাপতি ঠগীত মহন্ত আৰু অৱসৰ প্ৰাপ্ত ফাৰ্মাসিষ্ট হিমাংশু ডেকাই।

     নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ঠগীত মহন্তৰ সভাপতিত্বত আৰু ৰহা শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক লক্ষী প্ৰসাদ ডেকাই আঁত ধৰা গ্ৰন্থ উন্মোচন সভাত নগাঁও জিলা সাহিত্য সভাৰ উপ সভাপতি উপেন বৰা, প্ৰাক্তন সম্পাদক শৰৎ হাজৰিকা,আহ্বায়ক নিলোৎপল চাংমাই,সম্পাদক ৰেবত হাজৰিকা, অৱসৰ প্ৰাপ্ত ফাৰ্মাসিষ্ট গজেন কলিতা,ৰমানন্দ দুবাৰা,ৰহা শাখা সাহিত্য সভাৰ সভাপতি ঘনশ্যাম নাথ, সম্পাদক অপূৰ্ব বৰুৱা,ৰহা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা দ্বিপ্তী দেৱী শৰ্মা,প্ৰাক্তন প্ৰবক্তা যতীন্দ্ৰ কুমাৰ পাৰৈ,ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মা,বিজয়া গগৈ,জেষ্ঠ শিক্ষক মৃগাংক বৰা, জেষ্ঠ বিজ্ঞানী ড° দিনেশ হাজৰিকা, ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ ৰ প্ৰাক্তন অধ্যক্ষা ড° নিৰলা দেবী,ৰহা সূৰ্য্যবতি শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদিকা বিনু লস্কৰ ঠাকুৰিয়া,বিশিষ্ট কবি প্ৰেম নাৰায়ন নাথ সহ নগাঁও জিলা, ৰহা শাখা সাহিত্য সভাৰ বিষয় ববিয়া,বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।

   লগতে গ্ৰন্থ উন্মোচনৰ পাছত ৰহা শাখা সাহিত্য সভাৰ সহযোগত নগাঁও জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ দ্বিতীয় কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।