অসম চাহ মজদুৰ সংঘ মৰাণ শাখা শিৱসাগৰ জিলা ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত আঠাবাৰী চাহ বাগিচাৰ আঠাবাৰী চাহ মজদুৰ মহিলা সমিতিৰ বাৰ্ষিক সভাখনি অসম চাহ মজদুৰ মহিলা সমিতি মৰাণ শাখাৰ কাৰ্য্যকৰী সভানেত্ৰী - প্ৰীতি ফুলমালীৰ সভানেত্ৰীত্বত অনুষ্ঠিত হৈ যায়।

       উক্ত সভাত মৰাণ শাখা অসম চাহ মজদুৰ সংঘৰ সভাপতি-মনোজ তাঁতী, উপ-সভাপতি - চামুৱেল চনা, কেন্দ্ৰীয় সংঘৰ কোষাধ্যক্ষ তথা মৰাণ শাখাৰ জ্যেষ্ঠ সম্পাদক - লক্ষেশ্বৰ তাঁতী, সহ: সম্পাদক - প্ৰমোদ সিং তাঁতী, কলিয়াপানী ইউনিটৰ সভাপতি - দিলীপ মৃদ্ধা, আঠাবাৰী বাগিচা ইউনিটৰ সভাপতি - শিৱ ভুমিজ আৰু সম্পাদক- নগেন মৃদ্ধায়ে উপস্থিত থাকি সংঘৰ সাংবিধানিক নীতি- নিয়ম পালন কৰি মহিলা সমিতি গঠন কৰা, বাগিচা ইউনিটৰ লগত সহযোগিতা কৰা, মহিলা সকলক একতা কৰি ৰখা, সমাজত দায়িত্ব গ্ৰহণ কৰি সাহসেৰে আগবাঢ়ি যোৱা , মহিলা সৱলীকৰণ কৰাৰ ক্ষেত্ৰত বক্তব্য আগবঢ়ায়। 

       সভাত ৰাইজৰ সৰ্বসন্মতিক্ৰমে প্ৰাৰ্থমিক সমিতি গঠন কৰা হয়। সমিতি খনিত সভানেত্ৰী - জুলী ৰবিদাস আৰু সম্পাদিকা - মীৰা গঞ্জুক দায়িত্বভাৰ আগবঢ়াই মুঠ ২১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়।