নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত ভৰালঁটোলাৰ বৰলীয়া নৈৰ ওপৰত থকা এখন বাহৰ জৰাজীৰ্ণ দলংৰ পৰা পৰি এজন যুৱক নিহত হোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷উল্লেখ্য যে আজি দুপৰীয়াৰ ভাগত কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত বৰপূল্লা গাৱঁৰ মহিধৰ শইকীয়া(৪৮)ই ব্যক্তিগত কামত ভৰালঁটোলালৈ যোৱা অৱস্থাত উক্ত জৰাজীৰ্ণ দলংখনৰ পৰা নৈৰ পানীত পৰি তেওঁৰ মৃত্যু হয়৷লগেলগে স্থানীয় ৰাইজে পানীত নামি তেওঁৰ বিচাৰখোচাৰ কৰি উদ্ধাৰ কৰে যদিও যুৱকজনৰ মৃত অৱস্থাত পোৱা যায়৷মনকৰিবলগীয়া যে বিগত চাৰি বছৰে ধৰি উক্ত বাহৰ দলংখনৰ ওচৰৰে এখন পকী দলং নিৰ্মাণ কৰি আছেে যদিও ঠিকাদাৰৰ লেহেমীয়া গতিৰ বাবে আজিও দলংখন সম্পূৰ্ণ কৰিব পৰা নাই৷যাৰফলত পথচাৰীয়ে উক্ত জৰাজীৰ্ণ বাহৰ দলংৰে অহাযোৱা কৰিব লগা হৈছে৷ইতিমধ্যে যুৱকজনৰ মৃতদেহ ঘগ্ৰাপাৰ আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷জানিব পৰামতে মৃত যুৱকজনে পত্নী সহ চাৰি পুত্ৰক ইহসংসাৰত এৰি যায়৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जप्त मालमत्तेचा बँक मॅनेजरनेच केला अपहार; लोणीकंद पोलीस ठाण्यात गुन्हा दाखल
जप्त केलेल्या मालमत्तेवर अस्तित्वात नसलेली सुरक्षा एजन्सी नेमल्याचे दाखवून त्यांच्या...
No-confidence Motion: संसद में जैसे ही अंग्रेजी में बोलने लगी Nirmala Sitharaman, फिर जो हुआ..
No-confidence Motion: संसद में जैसे ही अंग्रेजी में बोलने लगी Nirmala Sitharaman, फिर जो हुआ..
Paris Olympics 2024 Lakshya Sen ने Jonatan Christie को हराया, PV Sindhu के मैच में क्या हुआ, जानिए!
Paris Olympics 2024 Lakshya Sen ने Jonatan Christie को हराया, PV Sindhu के मैच में क्या हुआ, जानिए!
बापरे !गाडी पुढं अचानक आढावा आला महाकाय साप, मग या व्यक्तीतीने काय केल पहा । Viral Video । Hpn News
बापरे !गाडी पुढं अचानक आढावा आला महाकाय साप, मग या व्यक्तीतीने काय केल पहा । Viral Video । Hpn News