সোণাৰি চাপৰিত গুডউইল একাডেমী শুভাৰম্ভ #
ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত অন্যতম শিক্ষাৰ প্ৰাণকেন্দ্ৰ সোণাৰি চাপৰিত সোমবাৰে ইংৰাজী মাধ্যমৰ ব্যক্তিগত বিদ্যালয়খন মাংগলিক কাৰ্যসূচীৰে শুভাৰম্ভ কৰে৷ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ভাগত পৰিবেশ নিকাকৰণ,ইয়াৰ পিছতে গছপুলি ৰোপণ কৰে ঘনকান্ত চুতীয়া,সদস্য পৰিচালনা সমিতি গুডউইল একাডেমী, পতাকা উত্তোলন কৰে নৰনাৰায়ণ বুঢ়াগোহাঞি,সঞ্চালক,বন্তি প্ৰজ্বালন কৰে যজ্ঞেশ্বৰ চুতীয়া,সভাপতি,পৰিচালনা সমিতি, তাৰ পিছতে সামূহিক প্ৰাৰ্থনাখন পৰিচালনা কৰে বিপিন চন্দ্ৰ দত্ত,উপদেষ্টা পৰিচালনা সমিতি,একাডেমীৰ দুৱাৰ মুকলি কৰে অৰিন্দম বৰুৱা,অতিৰিক্ত উপায়ুক্ত লখিমপুৰ আৰু ভাৰপ্ৰাপ্ত মহকুমাধিপতি,ঢকুৱাখনা৷আদৰণি ভাষণ আগবঢ়াই অধ্যক্ষ ড° যুৱৰাজ ছেত্ৰীয়ে কয় যে বৃহত্তৰ সোণাৰি চাপৰি অঞ্চলৰ গুণগত শিক্ষা আৰু উচ্চমানৰ শৈক্ষিক পৰিবেশ গঢ় দিয়াৰ মানসেৰে এক
আধুনিক প্ৰযুক্তিবিদ্যা,সময়োপযোগী, অত্যাধুনিক সা সুবিধা আৰু পৰ্যাপ্ত পৰিমাণৰ শিকণ শিক্ষণীয় সামগ্ৰীৰ উপলব্ধৰে ২০২৩ বৰ্ষৰ পৰা আমি সাজু হৈছে শিক্ষাদান দিবলৈ বুলি কয়৷দুপৰীয়া ভাগত উপাধ্যক্ষ প্ৰদীপ বৰুৱাই ২০২৩-২৪ বৰ্ষৰ একাডেমীৰ নীতি-নিৰ্দেশনা সমূহ পাঠ কৰি দিয়ে৷
ইয়াৰ পিছতে দিনৰ ১ বজাৰ পৰা আৰম্ভ কৰা মুকলি সভাখন উদ্বোধন কৰে ড° যোগানন্দ সূত,অধ্যক্ষ ঢকুৱাখনা মহাবিদ্যালয়,সভাখন সঞ্চালনা কৰে দুলু শইকীয়া,কাৰ্যকৰি সভাপতি পৰিচালনা সমিতি,বিশিষ্ট অতিথিত আসন অলংকৃত কৰে ড° মাসনজ্যোতি নেওগ,অধ্যক্ষ হাৰ্হি মহাবিদ্যালয়,ড° প্ৰদীপচন্দ্ৰ বৰা,অধ্যক্ষ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়,ঢকুৱাখনা,কল্পনা গগৈ,অধ্যক্ষা ,ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়,নিৰ্দিষ্ট বক্তা ড° প্ৰাঞ্জল বুঢ়াগোহাঁই,সহযোগী অধ্যাপক ডিব্ৰুগড় বিশ্ববিদ্যালয়৷আমন্ত্ৰিত অতিথিত উপস্থিত থাকে ডাঃ নাৰায়ণ দেউৰী,অৱসৰপ্ৰাপ্ত চিকিৎসক,সেৱক চন্দ্ৰ চুতীয়া,সহযোগী অধ্যাপক,ড° নৰেন্দ্ৰনাথ দত্ত,ঢকুৱাখনা মহাবিদ্যালয়,ৰীণামাই চুতীয়া,প্ৰধান শিক্ষয়িত্ৰী সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ লগতে কেকুৰী গাঁও পঞ্চায়ত সভাপতি বাখৰ চুতীয়া,আসাম টকছৰ সাংবাদিক পুলিন পেগুকে আদি কৰি বিশিষ্ট ব্যক্তি সভাত উপস্থিত থাকি ভাষণ আগবঢ়াই
আৰু কণ কণ ল’ৰা ছোৱালীৰ নৃত্যগীতেৰে দিনটো জীপাল হৈ পৰে৷