বদৌফা উপেন্দ্ৰ নাথ ব্ৰহ্ম জয়ন্তী উপলক্ষে খোৱাং মহাবিদ্যালয়তো আজি ছাত্ৰ ( শিক্ষাৰ্থী) দিৱস পালন কৰা হয় । সেই উপলক্ষে শ্ৰেণী আৰম্ভ হোৱাৰ পূৰ্বে উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পনেৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় । এই অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকলোৱে অংশগ্ৰহণ কৰে । পৰৱৰ্তী পৰ্যায়ত অজাদী কা অমৃত মহোৎসৱ আৰু G20 ৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ সভাকক্ষত আভ্যন্তৰীণ মান নিৰূপন কোষ তথা ছাত্ৰ একতা সভাৰ উদ্যোগত "শৈক্ষিক আৰু সমাজৰ বিকাশত ছাত্ৰ সমাজৰ দায়বদ্ধতা" সম্পৰ্কে এক বক্তৃতানুষ্ঠান আয়োজন কৰা হয় । অনুষ্ঠানটি উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ত্ৰৈলোক্য দিহীঙ্গীয়াই কয় যে খুব কম সময়ৰ বাবে উপেন্দ্ৰ নাথ ব্ৰহ্মই অসমৰ বাবে যি অৱদান আগবঢ়াই গল সেয়া অনস্বীকাৰ্য লগতে চৰকাৰে ছাত্ৰ সকলৰ প্ৰতি আগবঢ়োৱা বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰে । নিৰ্দিষ্ট বক্তা খোৱাং মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ মুৰব্বী অধ্যাপক তথা সহযোগী অধ্যাপক প্ৰতিম শৰ্মাই কয় যে সমাজৰ শৈক্ষিক উন্নয়নৰ বাবে ছাত্ৰ ছাত্ৰীৰ দায়িত্ব অপৰিসীম আৰু যিহেতুকে আমি সকলোৱে সততে শিক্ষা আহৰণ কৰাত ব্ৰতী থাকো, গতিকে আমি সকলো শিক্ষাৰ্থী আৰু আমাৰ সকলোৰে সমাজৰ প্ৰতি দায়িত্ব আছে । লগতে তেওঁ কয় যে ছাত্ৰনেতা উপেন্দ্ৰ নাথ ব্ৰহ্মই কম সময়ৰ বাবে জীৱন লাভ কৰিও বড়ো তথা অসমীয়া সমাজৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল । মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ডঃ দীপালী ভট্টাচাৰ্যই আঁত ধৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে ডঃ ত্ৰৈলোক্য দিহীঙ্গীয়াই ।