গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত বাঘৰ আক্ৰমণত গুৰুত্বৰ ভাবে আহত গৰ্ভৱতী মহিলাকে ধৰি তিনিজন। আহত তিনিজনক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি। গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত টেঙানীত বাঘৰ আক্ৰমণত গুৰুত্বৰ ভাবে আহত হয় এগৰাকী গৰ্ভৱতী মহিলা সহ তিনিজন। ঘটনাৰ বিবৰণ অনুসৰি ধনশিৰি মহকুমাৰ টেঙানী ১ নং কেকুৰী গাঁৱত এগৰাকী গৰ্ভৱতী মহিলাই গৰু বান্ধিবলৈ যোৱাৰ সময়তে হঠাৎ এটা বাঘে মহিলা গৰাকীক আক্ৰমণ কৰে ঠিক সেই সময়তে ওচৰৰ বাগিচাত কাম কৰি থকা মহিলা গৰাকীৰ ভায়েকে দৌৰি আহি বচাবলৈ চেষ্টা কৰোতে তেখেতকো আক্ৰমণ কৰে। ইয়াৰ পাছতে বাঘটোয়ে আক্ৰমণ কৰে আন এজন লোকক। উক্ত ঘটনা সংঘটিত হোৱাৰ পাছত স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত তিনিজনক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই। আহত হোৱা লোক কেইজন ক্ৰমে পিংঙ্কি শইকীয়া, মাইনা শইকীয়া আৰু যোগেন শইকীয়া। ইয়াৰে যোগেন শইকীয়া নামৰ লোকজন অধিক সংকটজনক বুলি জানিব পৰা গৈছে। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এতিয়া আতংকৰ সৃষ্টি হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दो सेल्फी कैमरा वाला Xiaomi 14 CIVI भारत में हो गया लॉन्च, फटाफट चेक करें दाम
शाओमी ने अपने मच-अवेटेड स्मार्टफोन Xiaomi 14 CIVI को लॉन्च कर दिया है। इस फोन को कंपनी तीन कलर...
থাওৰা সমষ্টিত সুশান্ত বৰগোহাঁই মূৰ্দাবাদ ধ্বনিৰে তীব্ৰ প্ৰতিবাদ*
থাওৰা সমষ্টিৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত ১নং উদয়পুৰ গাঁৱৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদ। পথৰ উপৰত ভূঁই ৰুই...
ડીસામાં કાલરાત્રિએ સ્મશાનમાં લોકોની ભીડ
કાળી ચૌદસ તો ઠીક પરંતુ સામાન્ય દિવસે પણ રાત્રિના સમયે સ્મશાન ખાલીખમ હોય છે અને ત્યાં જતા ભલભલા...
पहाड़ों पर जारी बर्फबारी, उत्तर भारत में लुढ़केगा पारा, इन इलाकों में बारिश का अलर्ट
देशभर के कई इलाकों में मौसम का मिजाज सर्द हो चला है. रात और सुबह हल्की ठंड ने दस्तक दे दी है....
राजस्थान के प्रशासन में बड़ा फेर बदल सरकार ने 108 आईएएस अधिकारियो की बदली जिम्मेदारी.जयपुर सहित 12 जिलों को मिले नये हाकम.
जयपुर. राज्य सरकार ने उप चुनाव की आचार संहिता से पहले राजस्थान के प्रशासनिक अमले में भारी फेर बदल...