ছোনিয়া গান্ধীক ইডিৰ চমনক লৈ সমগ্ৰ দেশতে কংগ্ৰেছ নেতা-কৰ্মীসকলে বিগত দুদিন ধৰি সাব্যস্ত কৰি আছে প্ৰতিবাদ। দেশৰ আন ৰাজ্যৰ সমান্তৰাল অসমৰ বিভিন্ন স্থানত কংগ্ৰেছ নেতা-কৰ্মীসকলে ছোনিয়া গান্ধী তথা ৰাহুল গান্ধীক ইডিৰ চমনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰেই অংশ হিচাপে আজি হাইলাকান্দিতো জিলা কংগ্ৰেছে গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী।
শুকুৰবাৰে হাইলাকান্দি জিলা কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে যদিও কংগ্ৰেছৰ প্ৰতিবাদত বাধা প্ৰদান কৰে আৰক্ষীয়ে।
স্থানীয় কংগ্ৰেছ ভৱনৰ পৰা প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়লৈ যোৱাৰ প্ৰস্তুতি চলাইছিল যদিও একাংশ কংগ্ৰেছ কৰ্মীক কংগ্ৰেছ ভৱনৰ সম্মুখৰ পৰাই আটক কৰে আৰক্ষীয়ে। কিন্তু একাংশ কৰ্মীয়ে কৌশলেৰে হাইলাকান্দি জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰেয
পিছত আৰক্ষীয়ে জিলা উপায়ুক্ত কাৰ্যালয় প্ৰাংগনৰ পৰা বাকি কংগ্ৰেছ কৰ্মী সকলোকো আৱদ্ধ কৰি হাইলাকান্দি সদৰ থানালৈ লৈ যায়।
হাইলাকান্দি আৰক্ষীয়ে সৰ্বমুঠ প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীক আটক কৰিছে।