◾৯ ছেকেণ্ডৰ খৰচ কিমান হ’ব জানিব বিচাৰিলে পূজা গেহলটক সুধিব। ভাৰতৰ উত্থানশীল মহিলা মল্লযুঁজাৰু পূজা গেহলোটে ছেমি ফাইনেলৰ মেচখনত জয়ী হৈ স্বৰ্ণ পদকৰ দিশে সহজে আগবাঢ়ি যোৱা যেন লাগিল, কিন্তু হঠাতে প্ৰতিপক্ষ মল্লযুঁজাৰুগৰাকীয়ে খেলখন এনেদৰে ঘূৰাই দিলে যে তেওঁ মাত্ৰ ৯ ছেকেণ্ডতে মেচখনত পৰাস্ত হ’ল।

◾এয়া পূজা গেহলোটৰ কেৰিয়াৰত এনে এক মল্লযুঁজ বুলি প্ৰমাণিত হ’ল যিয়ে তেওঁৰ আত্মাক সকলোৱে প্ৰশংসা কৰিবলৈ বাধ্য কৰাইছিল। ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পাছতো তেওঁ হাৰ নামানি ব্ৰঞ্জৰ পদক লাভ কৰি বাৰ্মিংহাম কমনৱেলথ গেমছক স্মৰণীয় কৰি তুলিলে।

👉স্কটিছ মল্লযুঁজাৰুক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে

◾২০২২ চনৰ কমনৱেলথ গেমছৰ মল্লযুঁজ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈ আবেগিক হৈ পৰিল ভাৰতীয় মহিলা মল্লযুঁজাৰু পূজা গেহলটে। মহিলাৰ (৫০ কিলোগ্ৰাম) ফ্ৰীষ্টাইল ইভেণ্টৰ ব্ৰঞ্জৰ পদকৰ মেচত পূজাই স্কটলেণ্ডৰ লেমোফেক লেচিডজিঅ’ক ১২-২ (কাৰিকৰী শ্ৰেষ্ঠত্ব) গ’লত পৰাস্ত কৰে। কমনৱেলথ গেমছত পূজাৰ এয়া প্ৰথমটো পদক।

◾কমনৱেলথ গেমছ ২০২২ত ভাৰতীয় মল্লযুঁজাৰুসকলে আচৰিত ধৰণৰ খেল প্ৰদৰ্শন কৰিছে। মল্লযুঁজত এই শক্তিশালী মল্লযুঁজাৰুসকলৰ বলত ভাৰতে আধা ডজন সোণৰ পদক লাভ কৰিছিল। শনিবাৰে ৰবি দিয়া, নবীন কুমাৰ আৰু বিনেশ ফোগটে সোণৰ পদক লাভ কৰে।

◾কমনৱেলথ গেমছ ২০২২ৰ ৯ তাৰিখতো ভাৰতীয় খেলুৱৈৰ দৰ্শনীয় প্ৰদৰ্শন অব্যাহত আছে। এতিয়া মহিলাৰ ৫৭-৬০ কেজি লাইটৱেট বক্সিং শাখাত জেচমিনে ভাৰতৰ বেগত আন এটা পদক লগাইছে। আচলতে তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। কিন্তু ইয়াৰ পূৰ্বে ভাৰতীয় মহিলা বক্সাৰগৰাকীয়ে ছেমি ফাইনেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

তথ্য সংগ্ৰহ : জি হিন্দুস্থান