গোলাঘাটত আশা অভিৱৰ্তন-২০২৩ সম্পন্ন i আশা কৰ্মীসকলৰ অভাৱ-অভিযোগ, সমস্যাৰ বুজ ল'লে উপায়ুক্তই। প্ৰতি মাহে ১০ গৰাকী শ্ৰেষ্ঠ আশা কৰ্মী আৰু ছুপাৰভাইজৰক বিশেষভাৱে পুৰস্কৃত কৰা হ'ব : উপায়ুক্ত i গোলাঘাটৰ বিৰাংগণা সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আজি গোলাঘাট জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আশা অভিৱৰ্তন-২০২৩ অনুষ্ঠিত হয় । এই উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত উপায়ুক্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা আশা কৰ্মী আৰু আশা ছুপাৰভাইজৰসকল, চিকিৎসক, স্বাস্থ্যকৰ্মী আদিয়ে অংশগ্ৰহন কৰে । অনুষ্ঠানত দিয়া ভাষণত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে কয় যে স্বাস্থ্য খণ্ডলৈ অহা বিভিন্ন প্ৰত্যাহ্বানৰ সময়ত আশা কৰ্মীসকলে প্ৰদৰ্শন কৰা নিষ্ঠা আৰু একাগ্ৰতা প্ৰশংসাৰ উৰ্ধত । আশা কৰ্মীসকলৰ বিভিন্ন অভাৱ-অভিযোগ আৰু সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে উপায়ুক্তগৰাকীয়ে তেওঁলোকৰ সৈতে এটা মত বিনিময় কাৰ্যসূচীতো অংশগ্ৰহণ কৰে । আশা কৰ্মীসকলৰ আশা-আকাংক্ষাৰ বুজ লৈ তেওঁ চিকিৎসালয়ৰ বহিঃৰোগী শাখা (OPD) ত আশা কৰ্মীসকলৰ বাবে মাচুল বিনামূলীয়া কৰাৰ লগতে ৰোগীৰ কক্ষ (Sickroom)ৰ বাবে দিবলগীয়া মাচুল ৰেহাই দিয়াৰ কথা ঘোষণা কৰে । তেওঁ লগতে এপ্ৰিল মাহৰ পৰা প্ৰতি মাহে নিজৰ কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ৭ গৰাকী শ্ৰেষ্ঠ আশা কৰ্মী আৰু ৩ গৰাকী শ্ৰেষ্ঠ আশা ছুপাৰভাইজৰক বিশেষভাৱে পুৰস্কৃত কৰা হ'ব বুলিও ঘোষণা কৰে । অনুষ্ঠানত দিয়া ভাষণত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) কুলদীপ হাজৰিকাই গোলাঘাট জিলাৰ প্ৰতিগৰাকী স্বাস্থ্যকৰ্মীয়ে অতি নিষ্ঠা আৰু দায়বদ্ধতাৰে কৰ্তব্য পালন কৰিছে বুলি উল্লেখ কৰে । অনুষ্ঠানত আদৰণি ভাষণ দি গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ ৰঞ্জিত ভূঞাই আশা কৰ্মীসকলে চিকিৎসক আৰু ৰোগীৰ মাজত তৃণমূল পৰ্য্যায়ত যোগসুত্ৰ স্থাপনত লোৱা ভূমিকাৰ শলাগ লয় । আজিৰ কাৰ্যসূচীৰ অংশৰূপে জিলাখনৰ আশা কৰ্মী আৰু ছুপাৰভাইজৰসকলক তেওঁলোকে আগবঢ়াই থকা সেৱাৰ বাবে আনুষ্ঠানিকভাৱে মানপত্ৰ প্ৰদান কৰা হয় । লগতে বোকাখাত, মৰঙী, মিছামৰা, সৰুপথাৰ, চাৰিঙীয়া, কমাৰবন্ধা আলী আৰু গোলাঘাট নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ ১৯ গৰাকী শ্ৰেষ্ঠ আশা কৰ্মী আৰু ছগৰাকী শ্ৰেষ্ঠ আশা ছুপাৰভাইজৰক পুৰস্কৃত কৰা হয় । অনুষ্ঠানৰ আৰম্ভণিতে বিগত বর্ষত অকালতে প্ৰাণ হেৰুওৱা আশা কৰ্মীসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় । কাৰ্যসূচীৰ অংশৰূপে বিশিষ্ট শিল্পী অণুধৃতি মহন্তই বেহেলা বাদনেৰে সকলোকে আপ্লুত কৰে । বিভিন্ন ঠাইৰ পৰা অহা আশা কৰ্মীসকলে সমবেত সংগীত, দিহা নাম, বিহু, গীত-মাত আদি পৰিৱেশন কৰে । অনুষ্ঠানত সহকাৰী আয়ুক্ত অন্বেষা ঠাকুৰ, গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ প্ৰাক্তন যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ জেচমিন বেগম, জ্যেষ্ঠ চিকিৎসক ডাঃ ৰঞ্জিত হাজৰিকা, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভৰত ফুকন, সমাজ সেৱিকা ৰূপা শইকীয়া, ডি পি এম অনুষ্কা বৰা, ডি চি এম জেচমিন ৰহমান, ডি এম ই পূৰ্বালী হাজৰিকা আৰু জিলা আৰু খণ্ড কাৰ্যসূচী পৰিচালনা গোটৰ সদস্যসকল উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रोहा दिघलदरी में ५नवंबर को शुधाकंठ स्मृतिचारण अनुष्ठान
रोहा क्षेत्र के अंतर्गत दिघलदरी में ५नवंबर को शुधाकंठ डां भुपेन हाजरीका की स्मृति में स्मृतिचारण...
ಶಿಕ್ಷಣ ಸುಧಾರಣೆಗಳ ಸಲಹೆಗಾರ ಪ್ರೊ.ಎಂ.ಆರ್. ದೊರೆಸ್ವಾಮಿ ಅವರಿಂದ ಮಧ್ಯಂತರ ವರದಿ ಸಲ್ಲಿಕೆ
ಶಿಕ್ಷಣ ಸುಧಾರಣೆಗಳ ಸಲಹೆಗಾರ ಪ್ರೊ.ಎಂ.ಆರ್. ದೊರೆಸ್ವಾಮಿ ಅವರು ವಿಧಾನಸೌಧದಲ್ಲಿ ಇಂದು ಸಿಎಂ ಸಿದ್ದರಾಮಯ್ಯ ಅವರಿಗೆ...
આમ આદમી પાર્ટી દ્વારા દેવગઢ બારીયા ખાતે ભવ્ય રેલી કાઢીને આવનાર વિધાનસભાની ચૂંટણીમાં જોતરાઈ
આમ આદમી પાર્ટી દ્વારા દેવગઢ બારીયા ખાતે ભવ્ય રેલી કાઢીને આવનાર વિધાનસભાની ચૂંટણીમાં જોતરાઈ
शेवटच्या टोकापर्यंत शेतीला पाणी मिळेल अशी सोय करा आमदार डॉ देवराव होळी
शेवटच्या टोका पर्यंतच्या (टेलपर्यंत) शेतीला पाणी मिळेल अशी सोय करा
आमदार डॉक्टर देवरावजी...
Gurmeet Chadha Budget Picks 2024: बाजार में इन Stocks पर कर लें फोकस, बजट से पहले... | CNBC Awaaz
Gurmeet Chadha Budget Picks 2024: बाजार में इन Stocks पर कर लें फोकस, बजट से पहले... | CNBC Awaaz