প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সমগ্ৰ দেশত ১৩ ৰ পৰা ১৫ আগষ্টলৈ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীৰ আহ্বান জনাইছে । সেই মৰ্মে মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইয়ো ৰাজ্যবাসীক উক্ত কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনাইছে ।

মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ানীৰ আহ্বান অনুসৰি "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে দেৱবাৰে বিজেপি পশ্চিম মঙলদৈ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত পদযাত্ৰাৰে ৰাইজক ১৩ ৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান কৰা হয় কাৰ্যসূচী ত উপস্থিত থাকে মঙ্গলদৈ ৰ প্ৰাপ্তন বিধায়ক আৰু অসম মীন উন্নয়ন নিগম অধ্যক্ষ গুৰু জ্যোতি দাস বিজেপি পশ্চিম মঙলদৈ মণ্ডলৰ মণ্ডল সভাপতি নীল বৰুৱা, জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা, অসম ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষা শ্ৰীমতী নীলিমা দেৱী, জিলা বিজেপিৰ উপ-সভানেত্ৰী শ্ৰীমতী শেৱালি গোস্বামী কলিতা তথা দলীয় কাৰ্যকৰ্তাসকল ।