দুপৰীয়াৰ ভাগত দিয়া এজাক ডবাপিতা বৰষুণতে ডুব গ’ল দুমুনিচকী-দিপীলা গড়কাপ্তানি পথ ৷ দৰং জিলা লোক নিৰ্মাণ বিভাগৰ  বিভাগীয় বিষয়া কৰ্মচাৰীৰ চূড়ান্ত হেমাহি আৰু গাফিলতিৰ বাবে ছিপাঝাৰ ৰাজহ চক্ৰৰ  অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দুমুনিচকী-দিপিলা পথটি এনেদৰে এজাক বৰষুণতে যাতায়তৰ অনুপযোগী হৈ পৰা বুলি অভিযোগ তুলিছে ভুক্তভোগী পথচাৰীয়ে ৷ বৰষুণৰ পানীত দুমুনিচকী চকৰপৰা প্ৰায় তিনিশ মিটাৰ পথ পানীৰে ভৰি পৰাত আজি  জীয়াতু ভুগিবলগীয়া হয় পথটিৰে অহা-যোৱা কৰা বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি ক্ষুদ্ৰ ব্যৱসায়ী আৰু যানবাহানৰ গৰাকী আৰু চালক সকল।

উল্লেখযোগ্য যে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দুমুনিচকীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ পথৰ অৱস্থা অতি পুতৌজনক । যাৰবাবে এই পথটোৰে দৈনিক যাতায়াত কৰা প্ৰায় কুৰিখন গাঁৱৰ পথচাৰীয়ে যাতায়াতৰ ক্ষেত্ৰত প্ৰতিনিয়ত আহুকালৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছে । পথটোৰ বিভিন্ন ঠাইত এজাক বৰষুণ দিলেই পানী জমা হৈ পৰাৰ ফলত পথটোত থকা গাঁতবোৰৰ বাবে সময়ে সময়ে সৰু-বৰ দূৰ্ঘটনাও সংঘটিত হৈ আহিছে ৷ পথটো শীঘ্ৰে মেৰামতি নকৰিলে যিকোনো মুহূৰ্ততে দূৰ্ঘটনাই পথচাৰীৰ প্ৰাণ কাঢ়িব বুলি আশংকা ব্যক্ত কৰিছে দুমুনিচকীৰ কেইবাটাও সামাজিক সংস্থাৰ নেতৃবৃন্দয় ৷ প্ৰণিধানযোগ্য যে পথটোৰ দুয়োকাষে পানী পৰিবাহী নলাৰ ব্যৱস্থা  নথকাত এজাক বৰষুণ পৰিলেই এসপ্তাহলৈ পানীৰে ভৰি থাকে পথটো ৷ এই পথচোৱা মেৰামতিৰ লগতে পথটোৰ দুয়োফালে নলাৰ ব্যৱস্থা কৰি দিবলৈ স্থানীয় ৰাইজে দাবী জনাই আহিছে যদিও আজিলৈ লোকনিৰ্মাণ  বিভাগে কোনো গুৰত্ব প্ৰদান কৰা পৰিলক্ষিত নহল ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ কালত লোক নিৰ্মাণ বিভাগৰ অধীনত ৰাজ্যৰ বাট পথৰ দ্ৰুত উন্নয়ন হৈ থকাৰ সময়তো ছিপাঝাৰ সমষ্টিৰ দুমুনিচকী-দিপিলা গড়কাপ্তানি পথটো মেৰামতিৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়া এতিয়া ৰাইজৰ বাবে কোটিটকীয়া প্ৰশ্ন ৷ এই ক্ষেত্ৰত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীৰ ভূমিকাক লৈয়ো সন্তুষ্ট নহয় এচাম ভুক্তভোগী ৷ অঞ্চলটোৰ সচেতন ৰাইজে লোক নিৰ্মাণ বিভাগৰ লগতে স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীক পথটো মেৰামতিৰ ব্যৱস্থা কৰাৰ লগতে দুয়োকাষে নলা নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৷