গোলাঘাটত অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়া। অসমৰ সংস্কৃতি,ঐতিহ্য, অসমৰ মানুহৰ আচাৰ-ব্যৱহাৰে প্ৰভাম্বিত কৰে অসমৰ নৱ-নিযুক্ত ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াক । ইয়াৰ মানুহৰ ৰঙ-বিৰঙী সাজ-সজ্জাই বাৰুকৈয়ে আকৰ্ষিত কৰে,প্ৰভৱিত কৰে ৰাজ্যপাল গৰাকীক । তেওঁ কয় যে যে,আন ৰাজ্যত মানুহৰ সাজ-পোচাকৰ দ্বাৰাই ধনী-দুখীয়াৰ প্ৰভেদ দেখিবলৈ পোৱা যায় । কিন্তু অসমত তেনে প্ৰভেদ নাই । আজি গোলাঘাটত জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসন আৰু উন্নয়নী বিভাগ সমূহৰ লগত পৰ্যালোচনা বৈঠকত মিলিত হৈ অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াই সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে । 

          তেওঁ কয় যে, অসমৰ প্ৰতিখন জিলাই ভ্ৰমণ কৰি তেওঁ পৰ্যালোচনা বৈঠকত মিলিত হৈ বুঁজ ল'ব । ৬ মাহৰ ভিতৰত ৩১ খন জিলা ভ্ৰমণ সম্পূৰ্ণ কৰিব পৰা বুলি তেওঁ প্ৰকাশ কৰে । কালি নিশা তেওঁ জিলাখনৰ ঊষা গৰঙা চাহ বাগিচাৰ পৰিচালন সঞ্চালকৰ বাসভৱনত আয়োজিত এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে । বাগিচাখনত ৰাইজে ৰাজ্যপালগৰাকীক বিপুল আদৰণি জনায ।