ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত ----
৪ গৰাকীৰ মৰণোত্তৰ দেহদান ইচ্ছাপত্ৰত স্বাক্ষৰ সম্পন্ন ৷
: গোলাঘাট : ২৬ মাৰ্চ
গোলাঘাটৰ শিশুভৱনত আজি“ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত এখনি সাধাৰণ সভা অনুষ্ঠিত হয় ৷ বিজ্ঞান মঞ্চৰ গোলাঘাট শাখাৰ সভাপতি ডা° কুমুদ কুমাৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ইলোৰা বিজ্ঞান মঞ্চৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক কমলেশ গুপ্তা ; যুটীয়া সম্পাদক অনুপ ৰায় চৌধুৰী সভাত উপস্থিত থাকি বক্তব্য আগবঢ়াই ৷ আজিৰ সভাত মঞ্চৰ গোলাঘাট শাখাৰ দ্বাৰা ইতিমধ্যে মৰণোত্তৰ দেহদান সম্পন্ন কৰা ব্যক্তিসকলৰ পৰিয়ালবৰ্গক সম্বদ্ধনা জনোৱা হ’য় ৷ এই সভাতে ভৱেশ দত্ত ; লক্ষেশ্বৰ বৰা ;পাৰিজাত বৰা ; আৰু পাৰুল বৰা নামৰ চাৰিগৰাকীয়ে মৰণোত্তৰ দেহদানৰ ইচ্ছাপত্ৰত স্বাক্ষৰ কৰে ৷ ::